কামৰূপ(ম)ত আকৌ কঠোৰ হ'ব নেকি ক'ভিড নিৰ্দেশনা!কালিলৈ উপায়ুক্তৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

A

নিউজ ডেস্ক :

কামৰূপ মহানগৰ জিলাত ক'ৰনা নীতি-নিৰ্দেশনা অধিক শিথিল কৰিছে চৰকাৰে।বিগত এসপ্তাহ জিলাখনত অধিক শিথিলতাৰ পাছত পুনৰ উদ্বিগ্ন হৈছে স্বাস্থ্য বিভাগ।কাৰণ শেহতীয়া ভাৱে জিলাখনত পুনৰ আক্রান্তৰ হাৰ সামান্য বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে।

আনহাতে ,জিলাখনৰ শেহতীয়া আক্রান্তৰ হাৰ পৰ্যালোচনাৰ বাবে শুকুৰবাৰে জিলা উপায়ুক্তৰ লগত বৈঠকত বহিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।জিলাখনত আক্রান্তৰ হাৰ হ্ৰাস কৰা বাবে লোৱা হ'ব ব্যৱস্থা।এই কথা অৱগত কৰিছে স্বাস্থ্যমন্ত্ৰী মহন্তই।কামৰূপ(ম) জিলাত তীক্ষ্ণ- নজৰ ৰখা কথাও জানিব দিয়ে তেওঁ।

উল্লেখ্য যে কামৰূপ(ম)ত আক্রান্ত হাৰ হ্ৰাস পোৱা বাবে বিয়লি ৪বজালৈ জিলাখনত দোকান-পোহৰ মুকলিৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে।সমগ্ৰ জিলাখনত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন জাৰি হয়।

Your Comments