দৈনিক ৭ টকা জমা কৰি প্ৰতিমাহে লাভ কৰিব পাৰিব ৫ হাজাৰ টকা, সবিশেষ জানি লওক

Pension

২০১৫ চনত আৰম্ভ কৰা অটল পেঞ্চন যোজনাত বিনিয়োগ কৰি ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে মাহিলী পেঞ্চন লাভৰ ব্যৱস্থা কৰিব পাৰে। 

অটল আঁচনিত জমাকৰ্তাসকলে পেঞ্চন আঁচনিৰ অধীনত ৬০ বছৰৰ পিছত এপিৱাইৰ পৰিমাণ ব্যক্তিজনে কৰা বিনিয়োগ আৰু বিনিয়োগকাৰীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি পেঞ্চন পাবলৈ আৰম্ভ কৰিব। এই আঁচনিখনৰ অধীনত কমেও ১হাজাৰৰ পৰা ৫হাজাৰ টকালৈকে মাহিলী পেঞ্চন লাভ কৰিব পাৰিব।

Pension

উল্লেখ্য যে, এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰি প্ৰতিমাহে ২১০ টকাৰ হিচাপত দৈনিক ৭টকাকৈ জমা কৰিলে তেওঁ ৬০ বছৰৰ পিছত প্ৰতি মাহে ৫ হাজাৰ টকাকৈ মাহিলী পেঞ্চন লাভ কৰিব পাৰে।

Pension

আনহাতে, উক্ত আঁচনিত বিনিয়োগ কৰা গ্ৰাহকৰ মৃত্যু হ’লে তেওঁৰ পত্নী আপোনাআপুনি মনোনীত হয় আৰু পত্নী গৰাকীয়ে আঁচনিখনৰ সকলো লাভালাভ অৰ্থাৎ গ্ৰাহকৰ দৰে একে পেঞ্চন লাভ কৰিব। ইয়াৰ বিপৰীতে পত্নীগৰাকীৰ মৃত্যু আগতে হ’লে, গ্ৰাহকে নিযুক্ত কৰা ব্যক্তিয়েই এই পেঞ্চন আঁচনিৰ সকলো সুবিধা লাভ কৰিব।

Your Comments