বৃহৎ পৰিমাণৰ বিদ্যুত মাচুল আদায় দিবলৈ থকা গ্ৰাহকলৈ ভাল খবৰ , পঢ়ি জানি লওঁক

A

নিউজ ডেস্ক : 
গুৱাহাটী বিজুলী ভৱনত শক্তিমন্ত্ৰী বিমল বৰাৰ গুৰুত্বপূৰ্ণ সাংবাদমেল।বিভাগৰ হেমাহী বা অন্য কাৰণত বোজন পৰিমাণৰ বিদ্যুৎৰ মাচুল পৰিশোধ কৰিবলৈ থকা গ্ৰাহকৰ বাবে বিশেষ ব্যৱস্থা শক্তিবিভাগৰ।অনলাইন মাধ্যমেৰে কিস্তি হিচাপে পৰিশোধ কৰিব পাৰিব মাচুল।এই কথা ঘোষণা মন্ত্ৰী বিমল বৰাৰ ৷ মন্ত্ৰী বৰাই নিৰ্ধাৰণ কৰি দিছে মাচুলৰ পৰিমাণ।৩০হাজাৰ টকা অনাদায় মাচুল পৰিশোধ কৰিব পাৰিব ১০টা কিস্তিত ।৫০হাজাৰ টকা মাচুল পৰিশোধৰ বাবে ১৫টা কিস্তিত দিব পাৰিব।৫০হাজাৰৰ বেছি মাচুল হ'লে   স্থানীয় পৰিদৰ্শক গৰাকীৰ লগত আলোচনা মৰ্মে অনাদায় মাচুল পৰিশোধৰ উপায় গ্ৰহণ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।উল্লেখ্য যে  বহু সময়ত বিদ্যুৎ বিভাগ অথবা গ্ৰাহকৰ হেমাহীৰ বাবে মাচুলৰ পৰিমাণ বৃদ্ধি হৈ থাকে।সেই সকলৰ সুবিধাৰ  বাবে ব্যৱস্থা লোৱা বুলি তেওঁ জানিব দিয়ে।

আনহাতে ,যোৱা এটা মাহত ১৩৮টা চুৰি বিদ্যুৎ সংযোগ ধৰা পৰিছে অসমত।চুৰি বিদ্যুৎ মাচুল পৰিমাণ ১১.৬৫কোটি টকা।

পূৰ্বৰ তুলনাত বিদ্যুৎ বিভাগৰ ৰাজহ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়- চলিত মাহৰ ২৭জুনলৈ ৰাজহ সংগ্ৰহ হৈছে ৪১৬.৬৬কোটি টকা।ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহত ৰাজহৰ পৰিমাণ ক্ৰমে-৩৩৯ কোটি, ২৮৬কোটি, ২৭৪কোটি।

জনতাক চুৰি বিদ্যুৎ সংযোগৰ খবৰ দিয়াৰ বাবে ১৯১২ নম্বৰত ফোন কৰি অথবা ৭৫৭৫৯৯৯৬৬৬ নম্বৰত ৱাটচ অাপৰ জৰিয়তে খবৰ দিবলৈ আহ্বান জনায় মন্ত্ৰী বৰাই।

ইফালে বিদ্যুৎ বিভাগৰ কৰ্তব্যত হেমাহী কৰা ১শতাংশ কৰ্মচাৰীক সকীয়নী জনাই মন্ত্ৰীয়ে কয়- ৯৯ শতাংশ কৰ্মচাৰীয়ে দিনে-ৰাতিয়ে কাম কৰি আছে বিভাগত।

Your Comments