অহা ২৫ বছৰত বৰ্ধিত জনসংখ্যাৰ নিৰিখত এছিয়াৰ কৃষকসকলৰ শস্য উত্‍পাদন বঢ়াব লাগিব ৫০-৭০ শতাংশ!

Cultivation

কৃষিকাৰ্য মানৱ সভ্যতাৰ অগ্রগতিৰ আৰু চাহিদাৰ সৈতে খোজ মিলাই আগবাঢ়ি যাব লাগে। কৃষিয়ে  মানুহ জীয়াই থকাৰ ধৰণকো সলাই দিয়ে ৷ কিন্তু অহা মানৱ সভ্যতাৰ দিশেও লক্ষ্য ৰাখি ক’বলৈ গ’লে, কৃষিত অধিক পৰিৱর্তন প্ৰয়োজনীয়। মনত ৰখা দৰকাৰ, মানুহ জীয়াই থকাৰ বাবে মাত্র কেইটামান শস্য এতিয়াও মানুহৰ হাতত অৱশিষ্ট আছে। 

তথ্য অনুসৰি,  বিশেষ ২৪টা গার্হস্থ্য শস্যৰ প্রজাতিৰ ওপৰতেই আমাৰ প্রায় ৯৯ শতাংশ  কৃষি-পণ্য নির্ভৰশীল। ইয়াৰ ভিতৰত উল্লেখযোগ্য ১০টা গার্হস্থ্য শস্য হ’ল গোমধান, গম, ধান, আলু, চুগাৰ বিট, ৰঙলাও, চয়াবিন, বাৰ্লি, বিলাহী আৰু চাগু। 

অহা ২৫ বছৰ এছিয়াবাসীক খুৱাবলৈ হ’ল লাগিব বৃহৎ পৰিমাণৰ ভূমি আৰু খাদ্য। ক্রবর্ধমান জনসংখ্যাৰ প্ৰত্যাহ্বান ল’বলৈ গ’লে এছিয়াৰ কৃষকসকলে বৰ্তমান যি পৰিমাণৰ শস্য উত্‍পাদন কৰে, অহা সময়ত সেয়া অন্ততঃ ৫০-৭০ শতাংশ বৃদ্ধি কৰিব লাগিব তেওঁলোকে।

প্ৰকৃততে শস্যক্ষেত্র আৰু জনসংখ্যাৰ মাজত মুঠেও পাৰস্পৰিক সংগতি নাই। এনে ঘটিছে বিশেষকৈ চীনত ৷ চীনত বিশ্বৰ মুঠ জনসংখ্যাৰ ২০-২৫ শতাংশই বাস কৰে, আনহাতে বিশ্বৰ মুঠ কৃষি উপযুক্ত ভূমিৰ মাত্র ৭ শতাংশ তেওঁলোকৰ হাতত আছে।  

শুনিলে আচৰিত লাগিব, কিন্তু ঘটনা হ’ল, অহা ৪০ বছৰ ধৰি নিজৰ পেট ভৰাবলৈ এই মানৱ জাতিক যি পৰিমাণৰ খাদ্য উত্‍পাদন কৰিব লাগিব সেয়া একেবাৰে সভ্যতাৰ আৰম্ভণিৰপৰা যিমান পৰিমাণৰ খাদ্য মানুহে উত্‍পাদন কৰিছে তাতকৈও বেছি!  

পেষ্টিছাইড ব্যৱহাৰ নকৰিলে বিশ্বৰ ৭০ শতাংশ খাদ্যশস্যই নষ্ট হ’ব! পেষ্টিছাইড ব্যৱহাৰ কৰিও সম্প্ৰতি কীটপতঙ্গ বা ফাংগাচৰ আক্রমণৰ ফলত উত্‍পাদিত খাদ্যশস্যৰ ৪২ শতাংশ নষ্ট হয়! কৃষিত সাৰ ব্যৱহাৰ কৰি স্বাভাৱিকতকৈ দেৰৰপৰা দুগুণ উত্‍পাদন বঢ়োৱা যায়। কীটনাশক ব্যৱহাৰ নকৰি নিজৰ খেতিৰ ক্ষতিপূৰণ কৰিবলৈ গ’লে কৃষকসকলৰ আৰু অন্ততঃ ৪০০-৬০০ মিলিয়ন হেক্টৰ (৯৮৮-১,৪৮২ মিলিয়ন একৰ) কৃষিভূমিৰ প্রয়োজন পৰিব।

তাতকৈও ডাঙৰ কথা, কীটনাশক-প্রযুক্তি বাদ দিলে ঠিক বৰ্তমান যি পৰিমাণৰ খাদ্য কৃষকসকলে উত্‍পাদন কৰে সেই সকলোখিনি কৰিবলৈ গ’লে তেওঁলোকৰ আৰু অন্ততঃ ২০০০ মিলিয়ন হেক্টৰ  (৪,৯৪২ মিলিয়ন একৰ) ভূমিত কৃষিকাৰ্য কৰিব লাগিব ৷  

Your Comments