বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

Bank

চৰকাৰে প্ৰথম পৰ্যায়ত হয়তো দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ (PSB) ব্যক্তিগতকৰণ কৰাৰ পৰিকল্পনা হাতত ল’ব। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে পৰৱৰ্তী সপ্তাহৰ ১৪ এপ্ৰিল বুধবাৰে নীতি আয়োগ (NITI Aayog), ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) আৰু বিত্ত মন্ত্ৰালয়ৰ (Finance Ministry) বিত্তীয় সেৱা আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব । সেই  বৈঠকত ব্যক্তিগতকৰণৰ তালিকাত সোমাব পৰা সাম্ভাৱ্য বেংকসমূহৰ বিষয়ে আলোচনা কৰা হ'ব । সূত্ৰটোৱে কৈছিল যে নীতি আয়োগে চাৰিৰ পৰা পাঁচটা PSBৰ পৰামৰ্শ দিছে আৰু বৈঠকত এই বিষয়ে আলোচনা কৰা হ'ব।

Bank

বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি, নীতি আয়োগে ৪-৫ টা বেংকৰ নাম উল্লেখ কৰিছে আৰু বৈঠকত যিকোনো দুটাৰ নাম নিৰ্ণয় কৰা হ'ব বুলি ধাৰণা কৰা হৈছে । ব্যক্তিগতকৰণৰ তালিকাত বেংক অৱ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান অভাৰচিজ বেংক, বেংক অৱ ইণ্ডিয়া, চেণ্ট্ৰেল বেংকৰ নাম আছে ৷ 

নীতি আয়োগৰ মতে, শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকৰ বাহিৰে একত্ৰিত কৰা বেংকবোৰ ব্যক্তিগতকৰণ কৰা নহ'ব । বৰ্তমান দেশত ১২ টা চৰকাৰী বেংক আছে। প্ৰতিবেদনৰ আধাৰত ব্যক্তিগতকৰণৰ তালিকাত এছবিআইৰ বাহিৰে পঞ্জাৱ নেচনেল বেংক, ইউনিয়ন বেংক, কানাৰা বেংক, ইণ্ডিয়ান বেংক আৰু বেংক অফ বৰোদা এই বেংকসমূহ নাই । তালিকাখনত বেংক অৱ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান অভাৰচিজ বেংক, বেংক অৱ ইণ্ডিয়া, চেণ্ট্ৰেল বেংকৰ নাম আছে।

Your Comments