--ৰাজকমল চাংকাকতি--
সেয়া সেউজীয়া সোণৰ অপৰূপ ভূমি।তাৰ মাজৰে আগবাঢ়িছিলোঁ। হৃদয়ত সেউজীয়া মুহূৰ্তবোৰ সৃষ্টি কৰিবলৈ অপাৰ ক্ষমতা সেই সোণ যেন বৃক্ষসমূহৰ।চাহ অসমৰ অৰ্থনীতিৰ বাবে সঁচাকৈয়ে স্বৰ্ণসদৃশ মূল্যৱান।বহিঃবিশ্বত অসমৰ এটা প্ৰধান পৰিচয়।অপূৰ্ব সৌন্দৰ্যৰ উৎস চাহ বাগিছাবোৰক কেন্দ্ৰ কৰিয়েই লাখ লাখ লোকৰ জীৱন-জীৱিকা।উজনি অসমৰ মাৰ্ঘেৰিটা চহৰৰ কিছুদূৰ গৈয়েই নামদাং চাহ বাগিচা।বাগিচাখনত কটোৱা সময়খিনি,বাগিচাখনৰ ওখ-চাপৰ এলেকাৰ মাজেৰে ২০১৬ চনৰ শীত ঋতুৰ এটা দুপৰীয়াৰ সেই ভ্ৰমণ সম্ভৱ নহয় পাহৰি পেলোৱা।
নামদাঙৰ কোন অংশতনো নাই সুন্দৰতা।এখন স্কুটাৰ লৈ নামদাঙৰ চৌদিশে ভ্ৰমণ কৰিছিলোঁ।বাৰে বাৰে স্কুটাৰখন ৰখাইছিলোঁ বাগিচাখনৰ পথৰ কাষত,কেঁকুৰিত,হেলনীয়া ঠাইবোৰত আৰু সেই সুন্দৰতাসমূহৰ মাজত সোমাই পৰিছিলোঁ।চাহ গছবোৰত সুশৃংখল সৌন্দৰ্য। যদিহে চাহ গছবোৰ ওখ-চাপৰ হ'লহেঁতেন এই সৌন্দৰ্য নিশ্চয় 'বিশেষ'ৰ শাৰীত নপৰিলহেঁতেন।চাহগছক ছাঁ দিয়া ওখ গছবোৰো এই 'সেউজীয়া চিত্ৰকৰ্ম'ৰে অংশ।বাৰিষাৰ বৰষুণ আৰু শীতৰ কোমল ৰ'দখিনি আঁকোৱালি ল'বলৈ প্ৰতিটো মুহূৰ্ততে যেন অপেক্ষাৰত!এই ওখ গছবোৰে যেন কৈ থাকে চাহ গছবোৰৰ কথা মনত পেলাওঁতে আমাকো এবাৰ সুঁৱৰিবা!
নামদাঙৰ প্ৰতিটো অংশকে কেমেৰাত আৱদ্ধ কৰিবলৈ মনে কয়।গতিকে, চাহ গছবোৰৰ মনোমোহা সুশৃংখল সুন্দৰতা,ওখ গছবোৰৰ আকাশ স্পৰ্শৰ হাবিয়াস,একেবাৰে ওপৰলৈকে চাহ গছবোৰ থকা টিলাবোৰ...সকলোবোৰকে কেমেৰাত সুমুৱাই ল'বলৈ ধৰিছিলোঁ।নামডাং বাগিচাখনক তিনিটা দিশৰ পৰা সেউজীয়া পাহাৰে আগুৰি আছে;বাগিচাখনৰ সৌন্দৰ্য বৃদ্ধি কৰাত ইও অৰিহণা আগবঢ়াইছে।দিহিং নৈৰ দক্ষিণ দিশত আৰু পাটকাই পাহাৰৰ উত্তৰত McLeod Russel কোম্পানীয়ে ১৮৮৪ চনত প্ৰতিষ্ঠা কৰা চাহ বাগিচাখনে বিগত সময়চোৱাত সেইবাবেই সেউজীয়া ভালপোৱা মানুহক আকৰ্ষণ কৰি আহিছে।
এখন চাহ বাগিচাক জীয়াই ৰাখে চাহ শ্ৰমিকসকলে।তেওঁলোকৰ কঠিন পৰিশ্ৰম সদায় প্ৰশংসাযোগ্য। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেই সবল কৰি আহিছে অসমৰ চাহ অৰ্থনীতিক।পত্নী অত্ৰেয়ী বৰদলৈ আৰু ভগ্নী অনসূয়া বৰদলৈৰ সৈতে যেতিয়া বাগিচাখনৰ ভিতৰত ঘূৰি ফুৰিছিলোঁ দেখিছিলোঁ চাহ শ্ৰমিক মহিলাসকল একাণপতীয়াভাৱে কৰ্মব্যস্ত হৈ থকাৰ দৃশ্য।তেওঁলোকে পাত চিঙিছে আৰু পিঠিৰ খাঙটোত ভৰাইছে।এগৰাকী মহিলাৰ ওপৰত থিয় হওঁতে সুধিলে–"ক'ৰ পৰা আহিছে?"আমি ক'লোঁ গুৱাহাটীৰ পৰা। এটা জিজ্ঞাসু মনৰ প্ৰশ্ন আৰু আমাৰ উত্তৰ।মহিলাগৰাকী পুনৰ ব্যস্ত হৈ পৰিছিল নিজৰ কামত।এগৰাকী মহিলাৰ কোলাত দেখিছিলোঁ এটা মৰমলগা শিশুক।মনে মনে ভাব আহিছিল–'চাহ শ্ৰমিকসকলৰ নতুন প্ৰজন্মৰ মাজত উচ্চ শিক্ষা গ্ৰহণৰ ধাউতি বাঢ়ি আহিছে,এই শিশু সন্তানটিয়েও এদিন শিক্ষিত হৈ পৰিয়ালৰ নাম উজলাওক।'
স্কটিছ অভিযানকাৰী ৰবাৰ্ট ব্ৰুচে ১৮২৩ চনত অসমত চাহ গছৰ সন্ধান পোৱাৰ পিছত প্ৰথমতে ব্ৰিটিছ উদ্যোগী আৰু পিছলৈ ভাৰতীয় উদ্যোগীৰ প্ৰশংসনীয় ব্যৱসায়িক কৌশল,বিজ্ঞাপন আৰু প্ৰচাৰৰ বাবে আজি 'আছাম টি' বিশ্বপ্ৰসিদ্ধ।অসমত চাহ উদ্যোগৰ প্ৰাৰম্ভিক ভেটি স্থাপন কৰাৰ ক্ষেত্ৰত স্বাধীনতা যুঁজাৰু আৰু আদৰ্শ উদ্যোগী মণিৰাম দেৱানৰ ভূমিকাও কেতিয়াও পাহৰিব পৰা নাযায়।মণিৰাম দেৱানে যদি ৰবাৰ্ট ব্ৰুচক চিংফৌ ৰজা বিচা গামৰ ওচৰলৈ লৈ নগ'লহেঁতেন, তেতিয়া হয়তো ব্ৰুচ অৱগত নহ'লহেঁতেন অসমৰ চাহৰ গুণাগুণৰ বিষয়ে।বিচা গামৰ পৰা চাহগছৰ পুলি আনি বৈজ্ঞানিক পৰীক্ষাৰ বাবে প্ৰথমবাৰৰ বাবে ৰোপণ কৰিছিল ৰবাৰ্ট ব্ৰুচে।অৱশ্যে ৰবাৰ্ট ব্ৰুচৰ ইয়াৰ পিছতেই মৃত্যু ঘটাত তেওঁ অসমৰ চাহৰ ব্যৱসায়িক সম্ভাৱনা প্ৰত্যক্ষ কৰিব নোৱাৰিলে।কিন্তু ৰবাৰ্ট ব্ৰুচৰ ভ্ৰাতৃ চাৰ্লছে অসমৰ চাহ গছৰ পাতৰ পৰীক্ষা সম্পন্ন কৰিবলৈ কিছু পাত কলকাতাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিলে।সেই পৰীক্ষাগাৰতে প্ৰমাণ হ'ল অসমৰ চাহপাত Camellia Sinensis বুলি। পৰৱৰ্তী পৰ্যায়ত আজিলৈকে অব্যাহত আছে অসমৰ চাহৰ সোণোৱালী যাত্ৰা।
নামদাং চাহ বাগিচাৰ সুন্দৰতা চিৰদিনৰ বাবে হৃদয়ত ৰাখি থোৱাৰ বাবে।যিয়েই নামদাঙলৈ এবাৰ যায় তেঁৱেই ভালপাই পেলায় ইয়াৰ সেউজীয়া সৌন্দৰ্যক।
- Log in to post comments
- 73 views