#মৃণাল ডেকা,শুৱালকুছি,২৬ মাৰ্চ:
১৯১০ চনতেই আমিনগাঁৱত স্থাপন কৰা অসমৰ প্ৰথম ৰে'লৱে ষ্টেচনটো সংৰক্ষণ কৰাৰ দাবীত আজি শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰামে কামৰূপ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।উল্লেখ্য,এসময়ত উত্তৰ অসমৰ লগত গুৱাহাটীৰ সৈতে যোগাযোগৰ অন্যতম মাধ্যম আছিল ঐতিহাসিক আমিনগাঁও ৰে'লৱে ষ্টেচন।মহামানৱ মহাত্মা গান্ধীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ পদধূলি পৰা এই ষ্টেচনটো শৰাইঘাট দলং নিৰ্মাণৰ পিছতে গুৰুত্বহীন হৈ পৰে।প্ৰায় ৬০/৬৫ বছৰ ধৰি ৰে'ল বিভাগে গুৰুত্ব নিদিয়াত ই ক্ৰমাৎ জহি-খহি নিঃশেষ হোৱাৰ পথত ৷ এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সৈতে শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰামে ৰেল ষ্টেচনটো সংৰক্ষণ কৰি ঐতিহাসিক ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৰে'ল বিভাগক দাবী জনাইছিল যদিও ৰে'ল বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাত শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰামৰ সম্পাদক মধুসূদন মেধীৰ নেতৃত্বত কামৰূপ জিলা উপায়ুক্ত কৈলাস কাৰ্তিক এনক সাক্ষাৎ কৰি আমিনগাঁও ৰে'ল ষ্টেচনটো ঐতিহাসিক ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷
- Log in to post comments
- 34 views