*১২খন জিলাৰ ৪৭টা সমষ্টিত ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত*
দীর্ঘদিনীয়া প্ৰচাৰ অভিযানৰ অন্তত শনিবাৰে ৰাজ্যত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব।ৰাজ্যৰ ৪৭টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
ৰাজ্যৰ ১২ খন জিলাৰ ৪৭টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব ২৬৪ গৰাকী প্ৰাৰ্থীৰ।
প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ৮১,০৯,৮১৫ গৰাকী।৪০,৭৭,২১০ গৰাকী পুৰুষ, ৪০,৩২,৪৮১ গৰাকী মহিলা ভোটাৰ থকাৰ লগতে ১২৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।
প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'ব লগা ৪৭টা সমষ্টিৰ ভিতৰত জোনাইত ৩,১১,৬৬০ গৰাকীৰে সৰ্বাধিক ভোটাদাতা থকাৰ বিপৰীতে সৰ্বনিম্ন ১,১৫,৩৬৪গৰাকী ভোটদাতা আছে থাওৰা সমষ্টিত।
ইফালে নিৰ্বাচন মুক্ত, নিকা আৰু সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ভোটগ্ৰহণ নিৰীক্ষণত ৱেবকাষ্টিং ব্যৱস্থা কৰিছে।শংকাকুল, স্পৰ্শকাতৰ, জটিল আৰু অধিক ভোটাৰ থকা কেন্দ্ৰত কৰা হৈছে এই বিশেষ ব্যৱস্থা।প্ৰথম পৰ্যায়ত ৫,৭৭২টা ভোটকেন্দ্ৰত এই ব্যৱস্থা আছে।
- Log in to post comments
- 18 views