ইন্ধনৰ পিছত এইবাৰ ঔষধ, এপ্ৰিলৰপৰা ২০% বৃদ্ধি পাব মূল্য

Medicine

পেট্রোল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ দাম বাঢ়িব ঔষধৰ । এপ্রিলৰপৰাই বাঢ়িব পাৰে দাম। শুক্রবাৰে ৰাষ্ট্ৰীয় ফার্মাচিউটিকেল প্রাইচিং কর্তৃপক্ষই জনাইছে, চৰকাৰে ঔষধ প্রস্তুতকাৰীসকলক পাইকাৰী মূল্য সূচকত 0.5 শতাংশ হাৰে বঢ়োৱাৰ অনুমতি দিছে। পেইনকিলাৰ, কার্ডিয়াক আৰু এন্টিবায়োটিক সহ প্রয়োজনীয় ঔষধৰ দাম এপ্রিলৰপৰাই ২০ শতাংশ পর্যন্ত বৃদ্ধি পাব পাৰে।

ঔষধ প্রস্তুতকাৰীসকলৰ দাবী, ঔষধৰ উৎপাদন ব্যয় প্রায় ১৫-২০ শতাংশ বৃদ্ধি পাইছে। আনহাতে, চৰকাৰে ঔষধ প্রস্তুতকাৰকৰ বার্ষিক পাইকাৰী মূল্য সূচকৰ (ডব্লিউপিআই) ভিত্তিত দাম পৰিৱর্তন কৰাৰ অনুমতি দিছে। শুক্রবাৰে ঔষধৰ মূল্য নিয়ন্ত্রক সংস্থা, নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে জনাই, পাইকাৰী মূল্য সূচকত বার্ষিক এই পৰিৱর্তনৰ হাৰ ইতিমধ্যে চৰকাৰী ভাৱে জনোৱা হৈছে। সমগ্ৰ পৰিস্থিতি বিবেচনা কৰি নিয়ন্ত্রক সংস্থাই ২০ শতাংশ দাম বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। উল্লেখ্য, ডব্লিউপিআই অনুসৰি ঔষধ নিয়ন্ত্রকৰ মাধ্যমত প্রতি বছৰে ঔষধৰ নির্ধাৰিত মূল্য বৃদ্ধি কৰাৰ অনুমতি দিয়া হয়।

মূলতঃ কৰ’না মহামাৰীৰ বাবেই ঔষধৰ আমদানিত প্রভাৱ পৰিছে। কার্ডিঅ’ ভাস্কুলাৰ, ডায়েবেটিছ, এন্টিবায়োটিক, এন্টি-ইনফেকটিভ আৰু ভিটামিন উৎপাদন কৰাৰ বাবে বেছি ভাগ উপাদান চীন ৰপৰা আমদানি কৰা হয়। চীনৰ ওপৰত নির্ভৰতা প্রায় ৮০-৯০ শতাংশ। যোৱা বছৰৰ আৰম্ভণিতে চীনত কৰ’নাৰ প্রকোপ বৃদ্ধি পোৱাত সৰবৰাহত বিঘ্ন ঘটিছে। সেই সমস্যাৰ বাবে ভাৰতীয় ঔষধ আমদানিকাৰকসকলৰ খৰচ বাঢ়ি গৈছে। ইয়াৰ পিছত, ২০২০ চনৰ মাজ ভাগত সৰবৰাহ আৰম্ভ হ’লেও চীনে আগতকৈ ১০-২০ শতাংশ দাম বৃদ্ধি কৰিছে। ফলত এই দেশতো দাম ঔষধৰ মূল্য বঢ়োৱাৰ সিদ্ধান্ত লৈছে নিয়ন্ত্রক সংস্থাই।

Your Comments