#নুৰুল ইছলাম,চানডুবিঃ
কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীখামাৰ জনজাতীয় যুৱ সংঘৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ দিহা কৰা হৈছে ৷ অহা ২১ মাৰ্চত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাণীখামাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত উক্ত উৎসৱ উদযাপন কৰা হ’ব ৷ ঐতিহাসিক চানডুবি বিলৰ পাৰৰ বৃহত্তৰ অঞ্চলটোৰ ৫০ টা বৰ্ষ অতিক্ৰম কৰা যুৱ সংঘটোৰ সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসুচী অনুসৰি পুৱা উদযাপন সমিতিৰ সভাপতি ৰাতুল ৰাভাই পতাকা উত্তোলন কৰাৰ উপৰি স্মৃতি তৰ্পণ কৰিব গাওঁবুঢ়া ৰমেশ ৰাভাই ৷ ইফালে,গছপুলি ৰোপণ তথা সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দুপৰীয়া মুকলি সভা এখনো অনুষ্ঠিত কৰা হ’ব।ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখনত আদৰণি ভাষণ আগবঢ়াব উদযাপন সমিতিৰ সম্পাদক দুষ্মন্ত ৰাভাই ৷ তদুপৰি উক্ত সভাত ভালেকেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ ইফালে উক্ত উৎসৱৰ কাৰ্যসূচীতে জোঁৱাই সম্বৰ্ধনা, বঁটা বিতৰণ আদিৰ উপৰি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বাৰেৰহণীয়া নৃত্য-গীত প্ৰদৰ্শন কৰা হ’ব বুলি উদযাপন সমিতিৰ সভাপতি ৰাতুল ৰাভা আৰু সম্পাদক দুষ্মন্ত ৰাভাই জনাইছে ৷
- Log in to post comments
- 18 views