অৰুণাচল প্ৰদেশৰ সোণাজুলীত মুকুতা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

Pearl

'আইচিএআৰ-ইনষ্টিটিউট অব ফ্ৰেছৱাটাৰ একুৱাকালচাৰ'-এ অহা ৩-৪ মাৰ্চত অৰুণাচল প্ৰদেশৰ সোণাজুলীত ফ্ৰেছৱাটাৰ পাৰ্ল কালচাৰ (Hands-on training on freshwater Pearl culture)বিষয়ত এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে।ছাত্ৰ-ছাত্ৰী,কৃষক,সহযোগী অধ্যাপকসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব।প্ৰশিক্ষণৰ অন্তত তেওঁলোক শামুকৰ পৰা কৰিব পৰা মুকুতা খেতি (Pearl Culture)ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক হৈ পৰিব আৰু গ্ৰামাঞ্চলৰ কৃষকসকলক মুকুতা খেতি কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিব।উল্লেখ্য যে মুকুতা খেতিৰ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰামীণ অৰ্থনীতিৰ পৰিৱৰ্তন অনাৰ পূৰ্ণ ক্ষমতা আছে।

মুকুতা খেতিৰ এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ বিনামূলীয়া হ'ব।থকা-খোৱাৰ সুব্যৱস্থা থাকিব।প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী ব্যক্তিয়ে গুৱাহাটীৰ আমিনগাঁওস্থিত 'যুৱ বিকাশ কেন্দ্ৰ'ৰ প্ৰকল্প কাৰ্যবাহী ৰবীন্দ্ৰ হনমত্তেকাৰৰ সৈতে 9819325588 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পাৰে।

Your Comments