
ছেইন্ট নিক’লাচ দিৱস,যাক ছেইন্ট নিক’লাচ উৎসৱ বুলিও কোৱা হয় ৷ এই দিনটো পালন কৰা হয় প্ৰত্যেক বছৰৰ ৬ ডিচেম্বৰ তাৰিখে।অৱশ্যে পশ্চিমীয়া খ্ৰীষ্টিয়ান দেশ সমূহত ৫ ডিচেম্বৰত পালন কৰা হয় চেইণ্ট নিক’লাচ দিৱস।আনহাতে পুৰণি গীৰ্জাৰ কেলেণ্ডাৰ অনুসৰি পূবৰ খ্ৰীষ্টিয়ান দেশ সমূহত ১৯ ডিচেম্বৰত পালন কৰা হয় এই দিৱস।এই দিনটো বিশেষভাৱে উপহাৰ কঢ়িয়াই অনা তেওঁৰ খ্যাতিক সন্মান জনায় পালন কৰা মাইৰাৰ নিক’লাচৰ ভোজৰ দিন ৷ আমেৰিকাৰ চাণ্টাক্ল’জ বা ব্ৰিটিছ ফাদাৰ খ্ৰীষ্টমাছৰ চৰিত্ৰটো চেইণ্ট নিক’লাচৰ পৰাই উদ্ভৱ হোৱা ৷ "চাণ্টা ক্ল’জ" ধাৰণাটো আংশিক ভাৱে ডাছ্ সকলৰ চিণ্টাৰক্লাছ(Sinterklaas)ৰপৰাও আহিছে ৷ ডাছ্সকলৰ নিজা ভাষাত চেইণ্টজনক চিণ্টাৰক্লাছ বুলি কোৱা হয় ৷ যদিও, চেইণ্ট নিক’লাচৰ লগত জড়িত এই উপহাৰ প্ৰদানৰ প্ৰথা চেইণ্ট নিক’লাচ দিৱসতকৈ বৰ্তমান বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ দে’ৰ দিনাহে পালন কৰা দেখা যায় ৷
- Log in to post comments
- 12 views