২৪ বছৰৰ পিছত পুনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মুখামুখি ভাৰত

Indian economoy

কেই সপ্তাহমান আগত অৰ্থনৈতিক মন্দাৱস্থাৰ কথা জনাইছিল ৰিজার্ভ বেংকৰ এটা গোটে । এক সমীক্ষা অনুসৰি জনোৱা হৈছিল ভাৰতবৰ্ষৰ অর্থনীতি মন্দাৱস্থাৰ মুখামুখি হোৱাৰ কথা । এইবাৰ আনুষ্ঠানিকভাৱে জনোৱা হ’ল সেই কথা।

শুকুৰবাৰে জিডিপি সংক্রান্তীয় যি ৰিপ’র্ট প্রকাশিত হৈছে,তাতেই এই তথ্য প্রকাশ কৰা হৈছে ।

২০২০-২০২১-বিত্তীয় বৰ্ষৰ জুলাই-চেপ্তেম্বৰৰ কোৱাৰ্টাৰত জিডিপি ৭.৫ শতাংশ পাইছিলগৈ । শুকুৰবাৰে দ্বিতীয় কোৱাৰ্টাৰৰ জিডিপি-ৰ তথ্য সন্মুখলৈ আহিছে । আৰু ইয়াকে কোৱা হৈছে প্ৰযুক্তিগত মন্দাৱস্থা । এনে মন্দাৱস্থা ইয়াৰ আগত ১৯৯৬ চনত হৈছিল ৷ ২৪ বছৰৰ পিছত পুনৰ একেই ঘটনা।

Your Comments