কলকাতাৰপৰা প্ৰেৰণ কৰা মাছত পোৱা গ’ল ক’ভিড বীজাণু

Fishes

কলকাতাৰপৰা প্ৰেৰণ কৰা মাছৰ কার্টুনত পোৱা গ’ল ক’ৰ’না ভাইৰাছ । সেই বাবে সংশ্লিষ্ট ভাৰতীয় সংস্থাটোৰ মাধ্যমেৰে সামুদ্রিক খাদ্যপণ্য আমদানি স্থগিত ঘোষণা কৰিলে চীনে ।

চীনা সংবাদমাধ্যমে জনাইছে, শুকুৰবাৰে কলকাতাৰপৰা পঠোৱা তিনটা মাছৰ কার্টুনত ক’ভিড বীজাণুৰ সন্ধান পোৱাৰ পিছত সেই ভাৰতীয় সংস্থাটোৰ দ্বাৰা আপাততঃ এসপ্তাহ কোনো পণ্য নিয়া নহ’ব বুলি সিদ্ধান্ত লৈছে চীনৰ শুল্ক বিভাগে । 

নিয়ম অনুযায়ী ইয়াৰ লগতে সেই মাছ আমদানিৰ সৈতে জড়িত সকলো কর্মীৰ ক’ভিড পৰীক্ষা কৰা হ’ব । তাৰ ৰিপ’র্ট নহা পর্যন্ত তেওঁলোকক বিচ্ছিন্ন কৰি ৰখা হ’ব । 

চীনা সংবাদমাধ্যমে দাবী কৰিছে, ইয়াৰ আগতেও ভাৰতৰপৰা আমদানি কৰা বৰফত ৰাখি ঠাণ্ডা কৰি নিয়া মাছৰ পেকেটত ক’ভিড বীজাণু পোৱা গৈছিল । চলিত মাহৰ আৰম্ভণিতেই উত্তৰ চীনৰ চাংছি প্রদেশৰ টাইৱান চহৰত বৰফত ঠাণ্ডা কৰি নিয়া হেয়াৰটেল প্রজাতিৰ মাছৰ পেকেটত ক’ৰ’না ভাইৰাছ পোৱা গৈছিল । চীনৰ চৰকাৰী সংবাদ চেনেল চিচিটিভিয়ে জনাইছে, মাছসমূহ টিয়ান্‌জিন্‌ বন্দৰৰপৰা টাইৱান পাইছিলগৈ । এই ঘটনাৰ বাবে বন্দৰৰ কর্মীসকলৰ নিউক্লিক এছিড টেষ্টিং পদ্ধতিৰ মাধ্যমেৰে পৰীক্ষা কৰা হয়। ফলত, সেই অঞ্চলৰ সকলো কর্মীকে কেন্দ্রীয়ভাৱে বিচ্ছিন্ন কৰি ৰখা হয় । 

উল্লেখ্যোগ্য যে বিপুল চাহিদা পূর্ণ কৰিবলৈ ৮৮খন দেশৰপৰা মাছ আমদানি কৰে চীনে।ইয়াৰ মাজতে ২৩খন এছীয় দেশ আৰু ২৬খন ইউৰোপীয় দেশ।এই পর্যন্ত ভাৰতক বাদ দিও ইন্দোনেছীয়া, ৰাছিয়া, নেদাৰলেণ্ড, নৰৱে’ আৰু ইকুয়েডৰৰপৰা মাছ আমদানি কৰে চীনে।

Your Comments