দিৱন ডেকা-পি কে দত্তৰ তথ্য পালে আৰক্ষীক যোগাযোগ কৰক-ভাস্কৰ জ্যোতি মহন্ত

Pic

অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ কেলেংকাৰীৰ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সংবাদমেল।তথ্য ভিত্তিত ক্ৰাইম ব্রান্স আৰু চি আই ডি এটা বৃহৎ দলে তদন্তৰ অব্যাহত ৰাখিছে। 

লখৰাত থকা ভাৰ্গৱ হোটেলত এটা কাৰ্যলয় খোলা হৈছিল।তাৰ পৰাই প্ৰাৰ্থী সকলৰ সৈতে যোগাযোগ কৰা হৈছিল।তাতে কোচিং লোৱা বাবে প্ৰাৰ্থী সকলক কোৱা হৈছিল।কোচিংৰ বাবে ১০ হাজাৰ কৈ টকা লোৱা হৈছিল।শাৰীৰিক পৰীক্ষা তেওঁলোকক উৰ্ত্তীণ হব লাগিব বুলি কৈছিল।বাকী পৰীক্ষা দুষ্ট চক্ৰটোৱে চাব বুলি কৈছিল।

পি কে দত্ত ঘৰত এটা বেগৰ ভিতৰত ১.৫২২কেজি সোণ পোৱা গৈছিল সেইয়া ছিল কৰা হৈছে।


সংবাদমেলত আইন শৃংখলা শাখা এডিজিপি জি পি সিঙ উপস্থিত থাকি কয়- পি কে দত্ত নেপালত আছে নে নাই তাৰ ওপৰত চকু ৰখা হৈছে।

ইফালে দিৱন ডেকা আৰু পি কে দত্তক কৰায়ত্ত কৰা বাবে অসম আৰক্ষীয়ে ৰাইজৰ পৰা সহায় বিচৰা বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।তেওঁলোকৰ সম্ভেদ দিলে অসম আৰক্ষীয়ে পুৰস্কৃত কৰিব।তেওঁলোকৰ সম্ভেদ দিওঁতা সকলো খবৰ গোপনে ৰাখিব।

পি কে দত্ত সৈতে সম্পৰ্কত থকা সকলক গ্ৰেপ্তাৰ কৰা হৈছে।এছ আই সন্দৰ্ভত যদি কাৰোবাৰ লগত কিবা খবৰ আছে তেন্তে আৰক্ষীৰে যোগাযোগ কৰা আহ্বান জি পি সিঙৰ।

ঘটনাৰ সন্দৰ্ভত যাৰ যাৰ বিৰুদ্ধে তদন্তত তথ্য পোৱা যাব সকলোকে তদন্ত আওতালৈ অনা হব।চার্জ চিট এক শক্তিশালী তথ্যৰে দাখিল কৰা বাবে আৰক্ষীয়ে সতৰ্কতাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে।

চিআইডি ফালৰ পৰা আইজিপি সুৰেন্দ্র কুমাৰ উপস্থিত থাকে।

Your Comments