*চানডুবি পৰ্যটক তথ্য বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সহযোগত কবি সন্মিলন*
চানডুবি পৰ্যটক তথ্য বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সহযোগত যোৱা ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস উপলক্ষে 'চানডুবিত আবেলি' শীৰ্ষক এটা কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।চানডুবি পৰ্যটক নিৱাসত কোভিড প্ৰ'ট'কল পালন কৰি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত কেইবাগৰাকী আমন্ত্ৰিত যুৱ কবিৰ লগতে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ কবিসকলে অংশগ্ৰহণ কৰে।
সুকবি তথা পৰ্যটন তথ্য বিষয়া ডেনী গামে আদৰণি ভাষণ প্ৰদান কৰা তথা অনুবাদক ড: অদিতি দাসে আঁত ধৰা কাব্যানুষ্ঠানটোত কবিতাৰ মহত্ব সম্পৰ্কে বক্তব্য প্ৰদান কৰে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি বিশিষ্ট কবি নিবেদন দাস পাটোৱাৰীয়ে।অনুষ্ঠানত কবিতা পাঠ কৰে প্ৰতুল কুমাৰ শৰ্মা,শিখা বেজবৰুৱা গোস্বামী,মিনতি বৰুৱা,মৌচুম বুঢ়াগোহাঁই,প্ৰভাত বৰদলৈ,ৰাজকমল চাংকাকতি,ধনজিৎ তালুকদাৰ,জোনালী মজুমদাৰ, মনালিছা শৰ্মা,পংকজ গোস্বামী,ডেনী গামে।অনুষ্ঠানত আমন্ত্ৰিত যুৱ কবি মৃদুল হালৈ,দিগন্ত নিবিড়,বৰ্ণালী ভৰালী,ধীমান বৰ্মন আৰু শচীন্দ্ৰ ফুকনে কবিতা পাঠ কৰে।
নিবেদন দাস পাটোৱাৰীৰ এটা কবিতাৰ অনুবাদ পাঠ কৰে কবিতাটোৰ অনুবাদক ডঃ অদিতি দাসে।শলাগৰ শৰাই আগবঢ়ায় কামৰূপ মহানগৰ কবি সন্মিলনৰ সম্পাদক মৌচুম বুঢ়াগোহাঁইয়ে।
- Log in to post comments
- 37 views