বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

Baharghat

নৰেন শৰ্মা,বাহাৰঘাট:


নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে পঃবঃসাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা মণ্ডপ(দেহাৰকুছি)সভাঘৰত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনায়।বিশ্বত্ৰাস কভি’ড-১৯ৰ ভয়াৱহতা আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া সকলো নীতি-নিৰ্দেশনা মানি পুৱা ১১ বজাত চনমাগুৰী বাণী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ঈশ্বৰ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকা,শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদ,সহঃসাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত,নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,প্ৰাক্তন ছাত্ৰনেতা তথা সাংবাদিক নৰেন শৰ্মাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি শিক্ষা সম্পৰ্কীয় বক্তব্য প্ৰদান কৰে৷আনহাতে,সভাত নলবাৰী জিলা 'আছু'ৰ কাৰ্য্যনিৰ্বাহ সদস্য হীৰকজ্যোতি শৰ্মা,বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জ্যোতিৰ্ময় গাৰ্গে অংশগ্ৰহণ কৰে৷বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিকি শৰ্মাই উদ্দেশ্য ব্যখ্যা কৰা সভাখনত সত্তৰগৰাকী ছাত্ৰ-ছাত্ৰীক গছপুলি আৰু মানপত্ৰৰে অভিনন্দন জনায়৷

Baharghat

উল্লেখযোগ্য যে এইবেলি অঞ্চলটোৰ শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ পৰা ইমন বৈশ্য আৰু মাচুম মেহতাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত নৱম স্থান আৰু অঞ্চলটোৰ বৰখালা গাৱঁৰ পৰিনীতা বুজৰবৰুৱাই অসমভেলি একাডেমিৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান পাই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছিল৷এই তিনি কৃতি শিক্ষাৰ্থীৰ মাজৰ পৰা পৰিণীতা বুজৰবৰুৱাই অভিনন্দন গ্ৰহণ কৰি কয় যে একাগ্ৰতা থাকিলে জীৱনত সাফল্য লাভ কৰিব পাৰি৷

Your Comments