ঐতিহাসিক আলাবৈ ৰণৰ ১০ হাজাৰ অসমীয়া শ্বহীদৰ স্মৃতি জড়িত আলাবৈ পাহাৰ সংৰক্ষণৰ প্ৰস্তাৱ:পছৰীয়াত ৰাজহুৱা সভা সম্পন্ন

Pic

মৃণাল ডেকা,শুৱালকুছি :

অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্য আৰু বীৰত্বৰ চিৰযুগমীয়া অক্ষয় কীৰ্তি ঐতিহাসিক শৰাইঘাট ৰণৰ প্ৰাককালত হোৱা আন এখন ৰণ আছিল আলাবৈ ৰণ।মোগল সেনাপতি ৰামসিংহ আৰু আহোমৰ সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত ১৬৬৯ খীঃৰ ৫ আগষ্টত কামৰূপ জিলাৰ পছৰীয়াত অৱস্থিত আলাবৈ পাহাৰৰ দাঁঁতিত  সংঘটিত ঐতিহাসিক আলাবৈ ৰণত অসমীয়া সেনাই প্ৰৱল পৰাক্ৰমেৰে মোগলৰ বিৰুদ্ধে তয়াময়া ৰণ কৰি চাউনীলৈ উভতি অহাৰ সময়ত মোগল সেনাপতি ৰাম সিংহই কূট-কৌশল ৰচনা কৰি অশ্বাৰোহী সৈন্যৰে আগুৰি ধৰি দহ হাজাৰগৰাকী অসমীয়া সেনাক বধ কৰিছিল ৷ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পছৰীয়াৰ আলাবৈ পাহাৰৰ দাঁতিৰ ভূমিত হোৱা আলাবৈ ৰণৰ চৰম আত্মত্যাগৰে ৰঞ্জিত শ্বহীদ অসমীয়া সৈনিককসকলৰ স্মৃতি সংৰক্ষণ কৰাৰ বাবে দেওবাৰে পছৰীয়া কুশল কোঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।বিশিষ্ট সমাজকৰ্মী উত্তম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰদীপ নাৰায়ণ ভট্ট আৰু ৰিদীপ কলিতাক সভাপতি,সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন শক্তিশালী 'আলাবৈ ৰণ স্মৃতি সুৰক্ষা সমিতি,পছৰীয়া' নামৰ এখন সমিতি গঠন কৰা হয়।সভাত ঐতিহাসিক আলাবৈ পাহাৰ সংৰক্ষণ আৰু অসম চৰকাৰৰ প্ৰস্তাৱিত আলাবৈ ৰণ স্মৃতি সৌধ পছৰীয়াৰ আলাবৈ পাহাৰত নিৰ্মাণ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
 

Your Comments