লোক-সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠন,ব্যক্তিৰ গভীৰ শোকপ্ৰকাশ

ফুল কুমাৰী কলিতা

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা লোক-সংস্কৃতিৰ গৱেষিকা ফুল কুমাৰী কলিতাৰ দেওবাৰে দুপৰীয়া ডিগবৈত বিয়োগ ঘটে।ভৱানীপুৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ নবীন কলিতাৰ পত্নী বৰপেটাৰোডৰ বাসিন্দা ফুলকুমাৰী কলিতাই ৰোগাক্ৰান্ত হোৱাৰ বাবে তেখেতৰ জী-জোঁঁৱাইৰ ডিগবৈৰ ঘৰত চিকিৎসাৰ বাবে আছিল ৷৭১ বছৰ বয়সত বিয়োগ ঘটা লোক-সংস্কৃতিৰ গৱেষিকা,সুবক্তা,শিল্পী ফুল কুমাৰী কলিতাই কেইবাখনো লোক-সংস্কৃতিৰ অমূল্য গ্ৰন্থ ৰচনা কৰিছিল।তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে--সখী ঐ সখী ( ১৯৯২), আয়তীৰ উৰুলি(১৯৯২)গুৱাগাছা সত্ৰৰ চমু আভাস ( ১৯৯৯ ),লােক-সংস্কৃতিৰ দাপােণ ( ২০০০ ),লােক-সংস্কৃতিত গালি-শপনি (২০০৯),লােক-সংস্কৃতিৰ সুবাস(২০১৩), আমাৰ সত্ৰ,আমাৰ ঐতিহ্য (২০১৩)। সম্পাদিত গ্রন্থ হৈছে লােককৃষ্টি আৰু নাৰী (১৯৯৩)।তদুপৰি তেখেতে বাতৰি কাকতত লোক-সংস্কৃতি সম্পৰ্কীয় নিবন্ধ লিখি অসমীয়া লোক -সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ গৈছে৷সদৌ অসম ছাত্ৰ সন্থাই তেখেতক প্ৰতিমা পাণ্ডে বঁটাৰে সন্মানিত কৰিছিল।বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড আছুয়ে জীৱিত অৱস্থাতে যোৱা বৰ্ষত বৰপেটাৰোডত তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰি বিৰল সন্মান প্ৰদৰ্শন কৰিছিল ৷

ফুল কুমাৰী কলিতাৰ মৃত্যুত সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস,বৰপেটা জিলা সাহিত্য সভা,বৰপেটাৰোড সাহিত্য সভা, বৰপেটাৰোড আছু,বৰপেটাৰোড শাখা সত্ৰ,
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতি,বৰপেটা জিলা বিহু সুৰক্ষা সমিতি,বৰপেটাৰোড প্ৰেছ ক্লাব, ৰংগালয়,বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি,বৃহত্তৰ বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতিকে আদি কৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷আনহাতে, তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বৰপেটাৰোড আছু আৰু বৰপেটাৰোড সাহিত্য সভাই তেওঁলোকৰ পতাকাসমূহ সাত দিনৰ বাবে অৰ্ধনমিত কৰিছে ৷

মৃত্যুৰ সময়ত ফুল কুমাৰী কলিতাই স্বামী নবীন কলিতা,কন্যা ক্ৰমে ৰীমা কলিতা,মিতালী কলিতা,মনীষা কলিতা আৰু ভাস্বতী কলিতা তথা ভালেমান গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে।
 

Your Comments