মৌজাদাৰ কস্তুৰী দত্ত চৌধুৰী বৃক্ক ৰোগত আক্ৰান্ত:আশু আৰোগ্য কামনা 

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ বনভাগ মৌজাৰ মৌজাদাৰ কস্তুৰী দত্ত চৌধুৰী বৃক্ক ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ৷ তেওঁৰ গুণমুগ্ধসকলে,মৌজাখনৰ অন্তৰ্গত গাঁওবুঢ়াসকলে আৰু হিতকাঙ্খীসকলে আশু আৰোগ্য কামনা কৰিছে।মৃদুভাষী তথা অতি অমায়িক স্বভাৱৰ মহিলাগৰাকী ৰোগাক্ৰান্ত হোৱাত বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ লোকসকলে দুখ প্ৰকাশ কৰিছে।মৌজাদাৰ কস্তুৰী দত্ত চৌধুৰী প্ৰয়াত হৰেন্দ্ৰ দত্ত চৌধুৰীৰ সহধৰ্মীনি ৷ মৌজাদাৰ হৰেন্দ্ৰ দত্ত চৌধুৰীৰ মৃত্যুৰ পিছত তেওঁৰ সহধৰ্মীনি কস্তুৰী দত্ত চৌধুৰীয়ে দায়িত্বভাৰ লাভ কৰি অতি সুন্দৰভাৱে পৰিচালনা কৰি থকাৰ মাজতে ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকাত আশু আৰোগ্য কামনা কৰিছে ৰাইজে।

Your Comments