কোচ বিহাৰৰ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিক চৰকাৰৰ প্ৰতাৰণা  

Black flag

*'আক্ৰাছু'য়ে ক'লা পতাকা উৰুৱাই পালন কৰিলে ক'লা দিৱস*

বঙাইগাঁৱৰ প্ৰতিবেদক:

১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰ আৰু কোচ বিহাৰ তথা কমতাপুৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেন্দ্র নাৰায়ণ ভূপ বাহাদুৰৰ মাজত হোৱা চুক্তি অনুসৰি কোচ বিহাৰ ৰাজ্যক 'গ' শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰি চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত শুকুৰবাৰে 'আক্ৰাছু'ৱে বঙাইগাঁৱৰ লগতে জিলা তথা আঞ্চলিকে আঞ্চলিকে ক'লা পতাকা উত্তোলন কৰি ক'লা দিৱস পালন কৰে ৷ বঙাইগাঁৱত সংগঠনটোৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ উপস্থিতিত বঙাইগাঁও জিলা আক্ৰাছু আৰু বিভিন্ন আঞ্চলিকৰ সহযোগত ক'লা পতাকা উৰুৱাই কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত শ্লোগান দি ক'লা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।ইফালে,কাৰ্যসূচী ৰূপায়ণ কৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিচত কমতাপুৰ তথা কোচ বিহাৰ ৰাজ্যৰ শেষ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ সৈতে ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত ১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনা এক চুক্তি স্বাক্ষৰিত হৈছিল ৷ সেই চুক্তি অনুসৰি কোচ বিহাৰ ৰাজ্যই 'গ' শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যদা পাব লাগিছিল যদিও সেয়া কিন্তু বাস্তৱত পৰিগণিত নহ'ল ৷ চৰকাৰে কোচ বিহাৰক 'গ' শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান কৰে যদিও মাত্ৰ ছয় মাহৰ পিচতেই পুনৰ সেই মৰ্যাদা বাতিল কৰি আমাক প্ৰতাৰণা কৰে ৷ আনকি, কোচ বিহাৰ ৰাজ্যখনক পিচত চক্ৰান্ত কৰি কেৱল মাত্ৰ এখন জিলালৈহে ৰূপান্তৰিত কৰিলে ৷ ভাৰত চৰকাৰে কোচ বিহাৰক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ সলনি ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পৰা বঞ্চিতহে কৰিলে ৷ সেয়ে আক্ৰাছুৱে জন্মলগ্নৰে পৰা ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিছে ৷ লগতে প্ৰতিবছৰে চুক্তি স্বাক্ষৰিত হোৱা ২৮ আগষ্টৰ দিনটো কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে এক প্ৰতাৰণাৰ দিন তথা ক'লা দিন হিচাপে পালন কৰি আহিছো ৷ কেন্দ্ৰীয় চৰকাৰে চুক্তি অনুসৰি কোচ বিহাৰ ৰাজ্য প্ৰদান কৰিব লাগিছিল যদিও প্ৰদান নকৰা এই অন্যায়ৰ প্ৰতিবাদত শুকুৰবাৰে  আক্ৰাছুৱে প্ৰতিখন জিলাই জিলাই ক'লা পতাকা উত্তোলন কৰি ক'লা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰা বুলি কয়।লগতে,চৰকাৰক উদ্দেশ্যি কয় যে যদিহে অচিৰেই কমতাপুৰ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ'লে পৰৱৰ্তী পৰ্যায়ত আক্ৰাছুৱে অধিক তীব্ৰ ৰূপত আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম ৷ কমতাপুৰ ৰাজ্যৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ'ব ৷ আগন্তুক ১৪ চেপ্তেম্বৰৰ পৰা লোকসভা আৰু ৰাজ্যসভাৰ যি অধিৱেশন অনুষ্ঠিত  হ'বলগীয়া আছে ,সেই সংসদৰ অধিৱেশনতে কমতাপুৰ ৰাজ্যৰ দাবী কাৰ্যকৰী কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ অন্যথা সংসদৰ অধিৱেশনৰ পিচতে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম বুলিও আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় ৷ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও চহৰৰ আন ৰাজহুৱা স্থানতো ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে কৰ্মেশ্বৰ ৰায় নেতৃত্বাধীন  আক্ৰাছুৰ বঙাইগাঁও জিলা সমিতিয়ে বৰপাৰা ৰাজহুৱা খেল পথাৰত ক'লা পতাকা উৰুৱাই ক'লা দিৱস পালন কৰি ভাৰত চৰকাৰে জনগোষ্ঠীটোক কৰা প্ৰতাৰণাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কমল সৰকাৰে সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহাসিক যি কমতাপুৰ ৰাজ্য আছিল সেই ৰাজ্যক ভাৰত চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ভাৰতৰ সৈতে চামিল কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক চৰমভাৱে প্ৰতাৰণা কৰিলে ৷ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰে যিদৰে পদক্ষেপ ল'ব লাগিছি সেয়া নকৰিলে ৷ জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণাৰ অৱসান আজিও ঘটা নাই।পূৰ্বে কংগ্ৰেছ চৰকাৰে প্ৰতাৰণা কৰাৰ পিচত এতিয়া শাসকীয় বিজেপি চৰকাৰেও জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে ৷ সেইদৰে নিৰ্বাচন অহাৰ আগমুহুৰ্তত আলোচনাৰ নামত মাতি নি জনজাতিকৰণৰ আশ্বাস দিও কিছু জটিলতা আছে আদি কথা কৈ বিষয়টো সেই আলোচনাতে সীমাৱদ্ধ থাকে।গতিকে, এইদৰেই আমাক সকলোৱে প্ৰতাৰণা কৰি আহিছে ৷ সেয়ে আক্ৰাছুৱে ১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰত চৰকাৰে চুক্তি স্বাক্ষৰিত কৰাৰ পিচতো প্ৰতাৰণা কৰা তথা জনগোষ্ঠীটোক কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত ক'লা পতাকা উৰুৱাই ক'লা দিৱস পালন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলি কয় ৷ কাৰ্যসূচীত আক্ৰাছুৰ উপ -সভাপতি পূৰেণ ৰায়ৰ লগতে জিলা সমিতিৰ সভাপতি ,সম্পাদক আদিও উপস্থিত আছিল ৷ কাৰ্যসূচী ৰূপায়ণৰ সময়ত বিভিন্ন শ্লোগানো দিয়ে ৷ 


 

Your Comments