বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণৰ লক্ষ্য:নলা-নৰ্দমাত ৫০০ 'গাপ্পী' মাছৰ পোনা মুকলি 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমৰ অধীনত বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা শুকুৰবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু জিলা মীন বিভাগৰ সহযোগত ৫০০ গাপ্পী মাছৰ পোনা বঙাইগাঁও চহৰৰ বিভিন্ন স্থানৰ নলা- নৰ্দমাত মেলি দিয়া হয় ৷ বিশেষকৈ চহৰখনৰ চিলাৰায় বজাৰ, পাগলাস্থান, ল'ৱাৰ আসাম হাস্পতালৰ ওচৰত, বাছ ষ্টেণ্ড,বাখৰাপাৰা,কনিষ্ক হোটেলৰ সমীপৱৰ্তী অঞ্চল আদিত থকা নলা-নৰ্দমা,পুখুৰী আদিত এই গাপ্পী মাছৰ পোনা এৰি দিয়া হয়।বঙাইগাঁও জিলা উপায়ুক্ত ডা° এম.এছ. লক্ষ্মী প্ৰিয়াই আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সমীপৰ নলাত গাপ্পী মাছৰ পোনা আনুষ্ঠানিক ভাৱে মেলি দিয়াৰ পাছত বঙাইগাঁও চহৰৰ বাকী উল্লেখ কৰা স্থান সমূহতো গাপ্পী মাছৰ পোনা মুকলি কৰি দিয়া হয়। মুঠ ৫০০ গাপ্পী মাছৰ পোনা এৰি দিয়া হয়। উল্লেখ্য যে গুৱাহাটীৰ  খানাপাৰাস্থিত 'নেচনেল ইন্সটিটিউট অৱ মেলেৰিয়া ৰিছাৰ্চ চেন্টাৰ'ৰ  পৰা মুঠ ২০০০ গাপ্পী মাছৰ পোনা জিলাখনলৈ অনা হৈছে আৰু বাকী ১৫০০ মাছৰ পোনা ৰাখালডুবিৰ ওচৰৰ গৰাইমাৰীত জিলা মীন বিভাগৰ সহযোগত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই ১৫০০ গাপ্পী মাছৰ পোনা পৰ্যায়ক্ৰমে পৰৱৰ্তী সময়ত জিলাখনৰ বিভিন্ন স্থানত এৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। জিলা স্বাস্থ্য বিভাগে এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ সৃষ্টিকাৰী মহৰ বংশ বৃদ্ধিত বাধা দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই এই মাছৰ পোনা এৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই মাছবিধে এনকেফেলাইটিছৰ লগতে ডেংগু , মেলেৰিয়া আদিৰ দৰে সংক্ৰামক ৰোগৰ মহবোৰৰ কণীবোৰ খাই মহৰ বংশ বৃদ্ধিত বাধা দিয়াত সহায় কৰিব।

 

Your Comments