দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পলৈ ১৫ আগষ্টত বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ লগতে প্ৰকল্পটোৰ বিষয়া-কৰ্মচাৰী উৎফুল্লিত হৈ পৰিছে।উল্লেখ্য যে তলাবন্ধৰ সময়ছোৱাত প্ৰকল্পৰ অধীনস্থ ১৪৩ টা অংগনবাড়ী কেন্দ্ৰত স্থানীয় ৰাইজৰ মাজত সমাজ কল্যাণ বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ণত উল্লেখযোগ্য তথা সক্ৰিয় ভূমিকা গ্ৰহণ কৰা আৰু ৰাইজৰ মাজত ক'ভিড -১৯ ৰ বাবে ল'বলগীয়া সাৱধানতাবোৰৰ বিষয়ে সজাগতা কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণৰ হেতুকে বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পলৈ নলবাৰী জিলা উপায়ুক্ত আগবঢ়ায় বিশেষ পাৰদৰ্শিতা বঁটা।ইয়াক লৈ প্ৰকল্পটোত শুকুৰবাৰে ভালেসংখ্যক কৰ্মী -সহায়িকা উপস্থিত হৈ প্ৰকল্প বিষয়া মঞ্জৰী ডেকাক অভিনন্দন জনায়।ইফালে,প্ৰকল্প বিষয়া ডেকাই এই বঁটাৰ বাবে কৃতিত্ব দিয়ে প্ৰকল্পটোৰ অধীনস্থ অংগনবাড়ী কৰ্মী -সহায়িকাসকলক । উল্লেখ্য যে এই প্ৰকল্পটোৱে যোৱা ২৬ জানুৱাৰীতো নলবাৰী উপায়ুক্ত পৰা "Best ICDS project for outstanding preform"বঁটা পাবলৈ সক্ষম হৈছিল।
- Log in to post comments
- 14 views