*দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰৰ পিছতো দেশৰ নাগৰিকৰ মৌলিক সমস্যা সমস্যা হৈয়ে আছে*
বঙাইগাঁৱৰ প্ৰতিবেদক:
বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন পুনৰ ঘোষণা হোৱা নাই যদিও তলা বন্ধৰ কাৰ্যসূচী শিথিল হৈ পৰাত বিটিচিৰ চাৰিখন জিলাতে ৰাজনৈতিক দল সমূহে নিজৰ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ লগতে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে।|শুকুৰবাৰে চিৰাং জিলাৰ ছাপাগুৰি লাউজুৰিপাৰাত কাজলগাঁও ব্লক বিপিএফৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ চিৰাং জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনেন বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি বিপিএফৰ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই ভাষণত কয় যে মহিলাৰ সৱলীকৰণ কৰাত হাগ্ৰামা মহিলাৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ৷ সেইদৰে বিটিচিৰ সামগ্ৰীক উন্নয়নৰ দিশতো কাম কৰি আহিছে ৷ সমাগত বিটিচি নিৰ্বাচনত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ পৰিষদ গঠন হ'ব বুলি আশা ব্যক্ত কৰি ৰাইজক দলৰ প্ৰতি সঁহাৰি জনাই শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷ সভাত বিপিএফত সদ্য যোগদান কৰা বড়ো ৱমেন জাষ্টিছ ফ'ৰামৰ সভানেত্ৰী তথা বিপিএফৰ কেন্দ্ৰীয় সম্পাদক অঞ্জলী দৈমাৰীয়ে কয় যে দেশে স্বাধীনতা লাভ কৰা ৭৪ বছৰ পিছতো দেশৰ নাগৰিকৰ মৌলিক সমস্যা ৰৈ আছে ৷ অসমত সত্তৰ বছৰ ধৰি ৰাজ্যৰ শাসনভাৰ বিভিন্ন দলে চলালে যদিও এতিয়াও বহু গাঁঁৱত যাতায়াতৰ বাবে পথ নাই, নাই বিজুলী, বহুতৰে নাই থাকিব পৰা ঘৰ ৷ গতিকে বিটিচি চুক্তি কৰি জংঘলৰ পৰা ওলাই আহি যুৱক সকলে হঠাতে শাসন ভাৰ লৈ কাৰ্য সম্পাদন কৰিছে ৷ বিগত পোন্ধৰ বছৰত আন্তঃগাঁঠনি নিৰ্মাণ কৰাকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰিছে বিপিএফে ৷ গতিকে পুনৰাই ৰাইজে বিপিএফক আকোঁৱালি ল'ব বুলিও তেওঁ মন্তব্য কৰে ৷ ইপিনে সংবাদ মাধ্যমৰ আগত বড়ো নেত্ৰী অঞ্জলি দৈমাৰীয়ে কয় যে এন ডি এফ বিৰ নেতা বি আৰ নাৱলা ওৰফে ৰঞ্জন দৈমাৰীৰ মুক্তি সন্দৰ্ভত সভাসমূহত সকলোৱে কয় যদিও এই ক্ষেত্ৰত কোনেও গুৰুত্ব প্ৰদান কৰা নাই ৷ ৰঞ্জন দৈমাৰীয়ে চুক্তিখনৰ বিষয়ে জনা নাছিল ৷ তদানীন্তন বিচিটি চীফ হাগ্ৰামা মহিলাৰীয়েও বিটিআৰ চুক্তি কৰোঁঁতে সাক্ষীহে আছিল বুলি নেত্ৰীগৰাকীয়ে মত ব্যক্ত কৰে ৷ যাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে অসন্তুষ্টিবোধ কৰা বুলি দেখিবলৈ পোৱা গৈছে।পুনৰাই পৃথক বডোলেণ্ড আন্দোলন হ'ব পাৰে বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সম্ভাৱনা প্ৰকাশ কৰে ৷ সভাত বিটিচিৰ ১৫ নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, চিৰাং জিলা মহিলা বিপিএফৰ সভানেত্ৰী পূৰ্ণিমা ছেত্ৰী আৰু বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য আব্দুল আৱাল মণ্ডলসহ কেবাজনো নেতা উপস্থিত থাকে ৷ সভাখনত সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷
- Log in to post comments
- 2 views