*আটক হ'ব নেকি বিডিঅ',
পঞ্চায়ত সভানেত্ৰী-সচিবসহ কনিষ্ঠ অভিযন্তা?*
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ খণ্ড উন্নয়নৰ অন্তৰ্গত ৯ টা গাঁও পঞ্চায়তৰ অধিকাংশতে চৰকাৰী আঁচনিৰ নামত চলিছে অঘোষিত ধন আত্মসাৎ কৰাৰ প্ৰতিযোগিতা।পিছে এইসমূহ দুৰ্নীতি-অনিয়ম দেখি-শুনিও উৰ্ধতন কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক অশোক শৰ্মাই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।তেনে এক উদাহৰণ হ'ল-ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ খণ্ড উন্নয়নৰ অন্তৰ্গত খাতিকুছি গাঁও পঞ্চায়ত।শেহতীয়াকৈ পঞ্চায়তখনত চলি থকা এম জি এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিত সীমাহীন দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি কেতবোৰ তথ্য পোহৰলৈ আহিছে।প্ৰাপ্ত অভিযোগ অনুসৰি খাতিকুছি পঞ্চায়তৰ অন্তৰ্গত সোণকুৰিহা গাঁৱৰ নোনা নৈৰ মথাউৰিৰ পৰা বড়ো চুবুৰী হৈ জবৰখান আলীৰ ঘৰৰ কাষলৈ সংযোগী পথছোৱা পুন:নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগে ২০১৬-১৭ বৰ্ষৰ (দ্বিতীয় কিস্ত)৩ লাখ ৯০ হাজাৰ টকা ধাৰ্য কৰিছিল।কিন্তু দুখৰ বিষয় যে অতি নিম্নমানৰ কাম কৰি সিংহভাগ ধন পঞ্চায়তখনৰ সচিব জনৈক কলিতা,পঞ্চায়তখনৰ সভানেত্ৰী গিৰিয়েকে ,কনিষ্ঠ অভিযন্তা,খণ্ড উন্নয়ন বিষয়াই নিৰ্মাণ সমিতিৰ সৈতে মিলি চৰকাৰী সিংহভাগ ধন আত্মসাৎ কৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।ঠিক সেই সময়তে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সম্পাদক নন্দলাল চৰকাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ এটি দলেও উক্ত পথছোৱা পৰিদৰ্শন কৰি হতভম্ব হৈ পৰে লগতে ৰাইজৰ সৈতে এক আলোচনাত মিলিত হয়।স্থানীয় ৰাইজে দলটোক পথছোৱাৰ নিৰ্মাণত সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ নিৰ্মাণ কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ কথা সদৰি কৰে।লগে লগে বিজেপিৰ দলটোৱে দুৰ্নীতিত আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলি সংবাদ মাধ্যমক অৱগত কৰিছিল।
ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই উক্ত পথছোৱাৰ নিম্নমানৰ কাম কৰি চৰকাৰী ধন আত্মসাৎ কৰা সংশ্লিষ্ট বাহিনীটোৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰাৰ বাবে ঘগ্ৰাপাৰ আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰে বুলি জনায়।এতিয়া কথা হ'ল দুৰ্ণীতিত লিপ্ত ঘগ্ৰাপাৰ ব্লক বিডিঅ',খাতিকুছি গাঁও পঞ্চায়তৰ সভানেত্ৰী-সচিবসহ কনিষ্ঠ অভিযন্তা গ্ৰেপ্তাৰ হ'ব নেকি?তাক লৈ সচেতন ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।নে ধনৰ বলত সাৰি যাব।পিছে সেয়া সময়হে ক'ব পাৰিব।
- Log in to post comments
- 50 views