দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থান বাৰঘৰীয়া বাৰগোপাল থানত বৃহস্পতিবাৰে মহাপুৰুষীয়া সমাজৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।মহাপুৰুষীয়া সমাজৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুুুষ্ঠিত কৰা সভাখনত সভাপতিত্ব কৰে সম্পাদক প্ৰধান তিলক শইকীয়াই।নলবাৰী,কামৰূপ (গ্ৰাম্য),দৰং,ওদালগুৰি আদি জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাখনত মহাপুৰুষীয়া সমাজৰ উপ-সভাপতি দণ্ডেশ্বৰ মেধি,ভাৰপ্ৰাপ্ত সভাপতি দানেশ্বৰ ডেকা,যুটীয়া সম্পাদক মিলিক কুমাৰ,কেন্দ্ৰীয় আই-মাতৃ মঞ্চৰ প্ৰাক্তন সম্পাদিকা পখিলা কুমাৰ,প্ৰচাৰ সাংগঠনিক সম্পাদক বৃষ্টিৰাম ৰাভাকে ধৰি বহুকেইজন কৰ্মকতাই ভাষণ প্ৰদান কৰে।উক্ত সভাত মহাপুৰুষীয়া সমাজৰ প্ৰতিষ্ঠাপক সভাপতি গকুল ভড়ালীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰাৰ লগতে তেওঁৰ কৰ্মৰাজি সন্দৰ্ভত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।লগতে আগন্তুক দশম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাৰ বাবে পৰৱৰ্তী কাৰ্যনিৰ্বাহক সিদ্ধান্ত গ্ৰহণৰ পোষকতা কৰে।উল্লেখ্য যে ক'ভিড -১৯ৰ প্ৰট'কলৰ বাবে কাৰ্যনিৰ্বাহক সভাত নগাঁও,মৰিগাঁও,যোৰহাট,শিৱসাগৰ আদিকে ধৰি বহুকেইখন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব নোৱাৰিলে।সামাজিক দুৰত্ব বজাই আয়োজন কৰা সভাখনত শতাধিক আই-মাতৃয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 19 views