শিৱসাগৰত বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সুমতি বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু নাম-প্ৰসংগ

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ উদ্যোগত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সুমতি বিচাৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু নাম-প্ৰসংগৰ কাৰ্যসূচী ৰূপায়ণ।

উল্লেখযোগ্য যে জিলাখনৰ ১৫৩০ শিক্ষক-শিক্ষয়িত্ৰীয়ে ২০১২ চনৰ মাহেকীয়া বেতনৰ পৰা বঞ্চিত হৈ আছে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষক সমাজে অনুৰূপ কাৰ্যসূচী শিৱসাগৰ শিৱদৌলত অনুষ্ঠিত কৰিছিল।

কংগ্ৰেছৰ প্ৰতাৰণাৰ বিপৰীতে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা দলে তেওঁলোকৰ চৰকাৰ শাসনলৈ আহিলে প্ৰথমতে শিক্ষক সমাজৰ এই সমস্যা সমাধানৰ আশ্বাস দিছিল।

সকলো আশ্বাস আৰু প্ৰতিশ্ৰুতি অসাৰ প্ৰমাণিত হোৱাত পুনৰ আন্দোলনমুখী হৈছে বেতন বঞ্চিত শিক্ষক সমাজ।

বিগত সময়ত সীমাহীন আৰ্থিক সমস্যাত আক্রান্ত হোৱা বহুসংখ্যক শিক্ষকে বেতন অবিহনে অৱসৰ লোৱাৰ লগতে বহুজন উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে।যাৰ বাবে বেতন বঞ্চিত শিক্ষকৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে।

Sibsagar

বৃহস্পতিবাৰৰ প্ৰাৰ্থনা আৰু নাম প্ৰসংগ কাৰ্যসূচীৰ জৰিয়তে শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া বেতন সংক্ৰান্তীয় সমস্যা সমাধানৰ দাবী কৰিছে বেতন বঞ্চিত শিক্ষক সমাজে।

 

Your Comments