হাজোৰ পৰা কমলাকান্ত দাস:
এটা নৃশংস হত্যাকাণ্ডই হাজোত তুলিছে তীব্ৰ জোকাৰণি ।হাজো আৰক্ষী থানাৰ অন্তৰ্গত কোঁৱৰপুৰত মঙলবাৰে নিশা সংঘটিত হ'ল এগৰাকী মহিলাক বলাৎকাৰৰ অপচেষ্টাৰে চোকা অস্ত্ৰৰে হত্যা কৰাৰ লোমহৰ্ষক ঘটনা ।এজন লম্পট বিপত্নীক লোকৰ হাতত অকাল মৃত্যুক আকোৱালি লোৱা দুৰ্ভগীয়া মহিলাগৰাকী হল হাজোৰ ১ নং কোঁৱৰপুৰৰ পৱিত্ৰ দাসৰ পত্নী মিনু দাস (৩০)আৰু হত্যাকাৰী জন হ'ল একেখন গাঁৱৰে জালাল আলীৰ পুত্ৰ জামাতুল্লা আলী(৪৩)।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,কালি নিশা প্ৰায় ৮-৩০ বজাত হত্যাকাৰী জামাতুল্লা আৰু এজন বন্ধুৱে অসৎ অভিপ্ৰায়েৰে পৱিত্ৰ দাসৰ ঘৰত প্ৰৱেশ কৰে।সেই সময়ত পৱিত্ৰ বাহিৰলৈ ওলাই যোৱাত তেওঁৰ পত্নী মিনু এমা-ডিমা তিনি সন্তানসহ ঘৰত অকলে আছিল।সেই সময়তে দুজনীয়া দুৰ্বৃত্তৰ দলটো পৱিত্ৰ দাসৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পত্নীক বলাৎকাৰৰ অপচেষ্টা চলায়।দুয়োজন লম্পটৰ কুঅভিপ্ৰায়ৰ উমান পাই মিনুয়ে চিঞৰ -বাখৰ কৰিবলৈ লওতে জামাতুল্লা আৰু তেওঁৰ সহযোগীজনে উপৰ্যুপৰি চোকা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন ঠাইত আঘাত কৰি মুমুৰ্ষ অৱস্থাত পেলাই সেই ঠাইৰ পৰা পলায়ন কৰে।একাংশ ৰাইজৰ অভিযোগ মতে,বিপত্নীক জামাতুল্লা আৰু মিনু দাসৰ মাজত থকা দীৰ্ঘ দিনীয়া পৰকীয়া প্ৰেমত ফাট মেলাৰ পৰিণতিতে জামাতুল্লাই প্ৰতিশোধকল্পে নিশা মিনু দাসক নৃশংসভাৱে হত্যা কৰে।আনকি,ছয় বছৰীয়া সন্তানটোকো মুখত সোপা দি মৰাৰ চেষ্টা চলাইছিল বুলি স্থানীয় একাংশ ৰাইজে অভিযোগ কৰিছে । ইফালে,কিছু সময় পাছতে মিনুৰ স্বামী পৱিত্ৰ দাস ঘৰলৈ আহি মজিয়াত তেজে তুমুৰালি হৈ মিনুক পৰি থকা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰু ওচৰ চুবুৰীয়াৰ সহযোগত ততালিকে হাজো বিষ্ণুৰাম মেধি এফ আৰ ইউলৈ আনে যদিও আদবাটতে মিনুৰ মৃত্যু হয়। আনহাতে,এই নৃশংষ হত্যাকাণ্ডৰ খৱৰ পোৱা মাত্ৰকে হাজো আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ থানালৈ অনাৰ লগতে নিশাই তদন্ত আৰম্ভ কৰে। হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নিশাই আত্মগোপন কৰি থকা অৱস্থাত কোঁৱৰপুৰৰ পৰা হত্যাকাৰী জামাতুল্লাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আনগৰাকী বৰ্তমান পলাতক অৱস্থাত আছে।সম্প্ৰতি অধিক তথ্যৰ বাবে হত্যাকাৰী আলীক হাজো থানাত মাৰাথন জেৰা চলায়।ইফালে,এই নৃশংস হত্যাকাণ্ডক হাজোৰ বিভিন্ন দল সংগঠন ব্যক্তিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্ত মুলক শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস আৰু সম্পাদক তপন দাসে কোঁৱৰপুৰৰ নৃশংস হত্যাকাণ্ডক গৰিহণা দি ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে, তাৰ বাবে চোকা দৃষ্টি ৰাখিবলৈ পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
- Log in to post comments
- 13 views