দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'ডিজিটেল ইন্ডিয়া,'মেক ইন ইণ্ডিয়া' আদি আঁচনিৰে দেশক আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰিছে,সেই সময়ত নলবাৰী সদৰ বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ সমষ্টিৰে অন্তৰ্গত ঘগ্ৰাপাৰৰ সোণকুৰিয়াত নোনা নৈয়ে গতি সলাই অহা ঠাইত ৰাইজে বুধবাৰে বাঁহৰ দলং সাঁজি উলিওৱাৰ বিপৰীতে উক্ত ঠাইতে আন এখন প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ নলবাৰী আৰু ৰঙিয়া সমষ্টিৰ মাজত বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ লোৱা ঘটনাই 'ডিজিটেল ইণ্ডিয়া' তথা ৰাজ্যৰ উন্নয়ন প্ৰকৃত স্বৰূপ উদঙাই দিছে। স্থানীয় ৰাইজে উক্ত স্থানত বিগত বছৰসমূহৰ দৰে আজিও নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় ১০০ ফুট দীঘল বাঁহৰ লংখন নিৰ্মাণ কৰাৰ বাবে হাতে-কামে লাগি দলংখন নিৰ্মাণ কৰি তোলে।
ইফালে ৰাইজে অভিযোগ কৰি কয় যে স্থানীয় বিধায়ক অশোক শৰ্মা,সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় গাঁও পঞ্চায়তে এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত মুঠেও গুৰুত্ব দিয়া নাই।বিগত দিনসমূহত তেওঁলোকে এইসকল জনপ্ৰতিনিধিক বহুবাৰ এই দলং দুখন পকীকৰণৰ বাবে আবেদন-নিবেদন কৰিও সুফল পোৱা নাই বুলি অভিয়োগ তোলে।যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ -ছাত্রী,পথচাৰীৰ লগতে ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে বুলি জানিবলৈ দিয়ে।লগতে ৰাইজে ইয়াকো কয় যে প্ৰতিটো নিৰ্বাচনত কেৱল ভোটৰ অংকৰ বাবে মন্ত্ৰী-বিধায়ক-সাংসদ আৰু নেতা আহি প্ৰতিশ্ৰুতি দি যায়।কিন্তু নিৰ্বাচনৰ পিছত এইসমূহ সমাধানৰ বাবে মুঠেই এবাৰো নাহে বুলি ক্ষোভ প্ৰকাশ কৰে।
- Log in to post comments
- 13 views