বঙাইগাঁও জিলাৰ গৰাইমাৰীত হিমাচল প্ৰদেশৰ ট্ৰাক চালকক হত্যা 

Criminal

*চত্তিছগড়ৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই হত্যাকাৰীক*

*ৰায়পুৰত উদ্ধাৰ হ'ল বিক্ৰী কৰা ট্ৰাক*

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ গৰাইমাৰীত সংঘটিত হিমাচল প্ৰদেশৰ এজন ট্ৰাক চালক তথা মালিকৰ হত্যাকাণ্ডৰ ঘটনাত জড়িত দুজন অভিযুক্তক আৰক্ষীয়ে চত্তিছগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ হত্যাকাৰী দুজনক বঙাইগাঁও আৰক্ষীৰ এটা দলে চত্তিছগড়ৰ ৰায়পুৰৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি বঙাইগাঁৱলৈ আনে ৷

Pic

মঙলবাৰে বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে সংবাদ মাধ্যমক এই কথা অৱগত কৰে ৷ বঙাইগাঁও সদৰ থানাত অনুষ্ঠিত এখন সংবাদ মেলত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা মতে বিগত ১৪ জুলাইত হিমাচল প্ৰদেশৰ উনা জিলাৰ দেংৰা গাঁৱৰ এগৰাকী মহিলাই তেওঁৰ স্বামী, ট্ৰাকৰ মালিক তথা ট্ৰাক চালক দেৱেন্দ্ৰ কুমাৰ ( ৫০) ৰ সৈতে ৮ জুলাইৰ পৰা পৰা কোনো যোগাযোগ কৰিব পৰা নাই বুলি জনোৱাৰ লগতে মোবাইলটোও বন্ধ হৈ থকা বুলি জনাই কিবা বিপদত পৰাৰ বুলি সন্দেহ প্ৰকাশ কৰে।দেৱেন্দ্ৰ কুমাৰৰ ঘৰ যদিওবা হিমাচল প্ৰদেশত তেওঁ অসমৰ তিনিচুকীয়া জিলালৈ সামগ্ৰী কঢ়িয়াই অনাৰ পিচত লকডাউনত আৱদ্ধ হৈ অসমতে আছিল ৷ এই সন্দৰ্ভত মহিলাগৰাকীয়ে অনলাইনযোগে বঙাইগাঁও থানাত এখন এজাহাৰো দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আৰু ৩৬৫ ধাৰাৰ অধীনত ৪৮৮/ ২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰে ৷ পিচত ডিজিপিৰ নিৰ্দেশ মৰ্মে ডিআইজিয়ে এছপিকলৈ এটা এছ আই টি দল গঠন কৰে আৰু তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়ে ৷ এই তদন্তৰ সময়তে দুজন অপৰাধীৰ সন্ধান লাভ কৰে তদন্তকাৰী দলে ৷ অপৰাধী দুজনে চত্তিছগড়ৰ ৰায়পুৰত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পিচতে ডি  জি পি , এ ডি জি পিৰ তত্বাৱধানত তথা  ডি আই জিৰ প্ৰত্যক্ষ পৰ্যৱেক্ষণত বঙাইগাঁও জিলা আৰক্ষীয়ে চত্তিছগড় আৰক্ষীৰ সৈতে যোগাযোগ কৰে ৷ পিছত, বঙাইগাঁৱৰ পৰা ২১ আগষ্টত এটা আৰক্ষীৰ দল চত্তিছগড়লৈ ৰাওনা হয় আৰু চত্তিছগড় আৰক্ষীৰ সহযোগত অপৰাধী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ট্ৰাক চালকৰ হত্যাকাণ্ডত জড়িত হত্যাকাৰী দুজন হ'ল মনপ্ৰীত সিং( ২৯ ) আৰু হৰৱিন্দৰ সিং(৫১) ৷ দুই হত্যাকাৰীয়ে চত্তিছগড়ত আত্মগোপন কৰি আছিল যদিও দুয়োৰে প্ৰকৃত ঘৰ পঞ্জাৱত ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ কৰাৰ পিচত দুয়োকে সোধ- পোচ কৰাত ট্ৰাক মালিক তথা চালক দেৱেন্দ্ৰ  কুমাৰক হত্যা কৰা বুলি স্বীকাৰ কৰাৰ লগতে দেৱেন্দ্ৰ কুমাৰৰ এইচ পি ৭২ বি  ৪৪০২ নম্বৰৰ ট্ৰাকখন ৰায়পুৰত বিক্ৰী কৰা বুলি জনায় ৷ আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখন উদ্ধাৰ কৰে বুলিও জানিব দিয়ে ৷ দুই হত্যাকাৰীয়ে আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে ৮ জুলাইত ট্ৰাক চালক দেৱেন্দ্ৰ কুমাৰক দুয়োয়ে ডিঙি চেপি হত্যা কৰিছিল ৷ উল্লেখ্য যে এই হত্যাকাণ্ড বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী চকীৰ  অন্তৰ্গত গৰাইমাৰীৰ পঞ্জাৱ-হাৰিয়ানা ধাবাৰ ওচৰত সংঘটিত হৈছিল ৷ সিদিনা তাত দুখন ট্ৰাক আছিল আৰু খোৱা-বোৱা তথা কিবা কথাত দেৱেন্দ্ৰ কুমাৰৰ সৈতে মনপ্ৰীত সিং আৰু হৰৱিন্দৰ সিঙৰ কাজিয়া লাগিছিল ৷ এই কাজিয়াই চূড়ান্ত ৰূপ লোৱাত মনপ্ৰীত আৰু হৰৱিন্দৰে ট্ৰাক চালক দেৱেন্দ্ৰ কুমাৰক হত্যা কৰে আৰু ট্ৰাকত মৃতদেহটো উঠাই লৈ সিদিনাই ধুবুৰী জিলাৰ চাপৰৰ এটা অঞ্চলত পেলাই থৈ দেৱেন্দ্ৰ কুমাৰৰ ট্ৰাকখন লৈ অসমৰ পৰা পলায়ন কৰে।

Pic

সংবাদ মেলত অতিৰিক্ত  আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে দেৱেন্দ্ৰ কুমাৰে লকডাউনৰ বাবে অসমত আৱদ্ধ হৈ পৰাত ইয়াতে ট্ৰাকযোগে বিভিন্ন ঠাইলৈ সামগ্ৰী অনা- নিয়া কৰিছিল ৷ এইদৰে ঘূূূৰি ফুৰোতে মনপ্ৰীত সিং আৰু হৰৱিন্দৰ সিঙৰ সৈতে দেৱেন্দ্ৰ কুমাৰৰ বন্ধুত্ব হৈছিল ৷ শেষত এই দুই বন্ধুৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হ'ল  কুমাৰে৷ ইফালে,দুই হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে চাপৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত চাপৰ আৰক্ষীয়ে এটা অচিনাক্ত মৃতদেহ পোৱা বুলি জানিবলৈ দি দাবীদাৰ কোনো নাছিল বুলিও জনায় ৷ পিচত মৃতদেহটোৰ ফটোৰ ভিত্তিত পৰিয়ালৰ লোকে দেৱেন্দ্ৰ কুমাৰক চিনাক্ত কৰে ৷ বঙাইগাঁও আৰক্ষীয়ে দুই হত্যাকাৰীক সোমবাৰে চত্তিছগড়ৰৰ পৰা বঙাইগাঁৱলৈ আনে ৷ ইতিমধ্যে দুই অভিযুক্তক আৰক্ষীয়ে আদালতত হাজিৰ কৰাই অধিক সোধ- পোচৰ বাবে পাঁচ দিনৰ বাবে নিজৰ জিম্মালৈ আনিছে আৰু জেৰা অব্যাহত ৰাখিছে৷ 

 

Your Comments