দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সমীপৰ ঘগ্ৰাপাৰ হাইৱে চ'কৰ ওচৰত ৩১ নং ৰাষ্ট্ৰীয় পথত সোমবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই দুগৰাকী নিচাযুক্ত দ্ৰব্য আফিং ব্যৱসায়ীক আটক কৰে।ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে এখন ট্ৰাকত প্ৰায় ১ কিলোগ্ৰাম সন্দেহযুক্ত আফিং সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে আব্দুল ছামাদ নামৰ ব্যৱসায়ীজনক আটক কৰে।
ধৃত ব্যৱসায়ীজন ৰঙিয়া থানাৰ অন্তৰ্গত পীতাম্বৰ হাটবজালী গাঁৱৰ বাসিন্দা ফিৰোজ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।আনহাতে,ধৃত আব্দুল ছামাদৰ স্বীকাৰোক্তিৰ ভিত্তিত মূল আফিং ব্যৱসায়ী একেখন গাঁৱৰে ৰাণা আলীক নিজ বাসগৃহত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটকাধীন দুয়োগৰাকীৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত ১৭( চি) ধাৰাত এটা গোচৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 12 views