নলবাৰীত পাব-জি খেলি থাকোতে ৰেলৰ ইঞ্জিনৰ খুন্দাত ছাত্ৰৰ মৃত্যু

Pub-g death

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী সদৰ থানাৰ অন্তৰ্গত ৰতনপুৰ (বৰচেনীকুছি)গাঁঁৱৰ কমলা ৰাজবংশী আৰু ৰানু ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ জ্যোতিৰ্ময় ৰাজবংশী(১৬)ৰ সোমবাৰে সন্ধিয়া ৭-৪৫ বজাত ৰেলৰ ইঞ্জিনৰ খুন্দাত কৰুণ মৃত্যু অঞ্চলজুুৰি শোকৰ ছাঁঁ পৰিছে।উল্লেখযোগ্য যে ঘগ্ৰাপাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা জ্যোতিৰ্ময়ে অইন দিনাৰ দৰে  সোমবাৰে সন্ধিয়াও ৰেল লাইনত বহি পাব-জি খেলাত ব্যস্ত হৈ আছিল।ঠিক সেই সময়তে  উজনিমুৱা চলন্ত ৰেলৰ ইঞ্জিন এটাই খুন্দা মৰাত তেওঁৰ থিতাতে মৃত্যু হয়।নিজ ঘৰৰ নাতি-দূৰৈত থকা ৰেল লাইনত ছাত্ৰজনে এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত পূব নলবাৰীৰ বৃহৎ অঞ্চলত শোকৰ ছাঁ পৰে।

Your Comments