হাজোৰ পৰা কমলাকান্ত দাস:
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতি, শ্ৰমিক-কৃষক বিৰোধী নীতি আৰু গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আদানী গ্ৰুপক অৰ্পণ কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে দিনৰ প্ৰায় এঘাৰ বজাত হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত চিপিআই(এম)এ ৰূপায়ণ কৰে বিক্ষোভ কাৰ্য্যসূচী।চিপিআই(এম)ৰ হাজো-দমদমা আঞ্চলিক কমিটীৰ উদ্যোগত ৰূপায়িত বিক্ষোভ কাৰ্যসূচীত প্ৰথমাৱস্থাত পথ সভা অনুষ্ঠিত কৰে।পথ সভাত সংগঠনটোৰ আঞ্চলিক সদস্য নৰেশ্বৰ পাটোৱাৰীয়ে কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে।বৰ্তমান অসমৰ বিমানবন্দৰ আদানী গ্রুপক পঞ্চাশ বছৰৰ বাবে দিয়া কাৰ্যক তীব্ৰ ধিক্কাৰ দিয়ে।এই পথ সভাৰ পিছতে সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে এটা মিছিল উলিয়াই বানপীড়িতক শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ দিয়ক,মথাউৰিসমূহ শীঘ্ৰে মেৰামতি কৰক,স্বাস্থ্য সেৱাক বিনামূলীয়া আৰু সাৰ্বজনীন কৰক,ছমাহৰ বাবে বিনামূলীয়াকৈ প্ৰতিব্যক্তিক প্ৰতিমাহে ১০ কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা কৰক,আয়কৰৰ আওতাত নপৰা প্ৰতি পৰিয়ালক প্ৰতি মাহে ছমাহৰ বাবে ৭৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক, এমজিএনৰেগাৰ অধীনত দৈনিক ছশটকা হাজিৰাসহ বছৰত দুশদিন কাম দিয়ক আৰু উক্ত সময়ছোৱাত ছশটকা নিবনুৱা ভাট্টা দিয়ক, অত্যাৱশ্যযকীয় সামগ্ৰী আইন,কৃষি বাণিজ্য আইন,বিদ্যুৎ আইন, শ্ৰম আইনৰ সংশোধনী বা অধ্যাদেশ - চৰকাৰী আদেশসমূহ বাতিল কৰক, বিমানবন্দৰ আদানী গ্ৰুপক অৰ্পন কৰা নচলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।ইয়াৰ পিছতে চিপিআই(এম)ৰ হাজো-দমদমা আঞ্চলিক সমিতিৰ সম্পাদক আব্দুল বাছেদ স্বাক্ষৰিত আৰু কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
- Log in to post comments
- 11 views