*সোণকুঢ়িয়া চ'কৰ পৰা নোনা মথাউৰিত সংযোগী পথছোৱাত নাই কোনো তথ্য-ফলক*
দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
পথ উন্নয়নৰ নামত নলবাৰী গড়কাপ্তানি বিভাগত ছিণ্ডিকেটৰাজ অব্যাহত চলি থকাৰ অভিয়োগ উঠাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণকুঢ়িয়াত এটা গড়কাপ্তানি পথ নলবাৰীৰ বিধায়ক অশোক শৰ্মাই আজিৰে পৰা ৫ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰাৰ পিছতো বৰ্তমানলৈ পথছোৱা অসম্পূৰ্ণ হৈ থকাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অভিয়োগ অনুসৰি নলবাৰী সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনষ্ঠ ঘগ্ৰাপাৰ-তামুলপুৰ গড়কাপ্তানি পথৰ সোণকুঢ়িয়া চ'কৰ পৰা নোনা মথাউৰি সংযোগী ৯১২ মিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি বিভাগৰ পথছোৱা আজি প্ৰায় ৫ বছৰে আধাৰুৱা হৈ থকাত অঞ্চলটোৰ দল -সংগঠন তথা ৰাইজ জাঙুৰ খাই উঠিছে। উল্লেখ্য যে অসম চৰকাৰৰ ২০১৫-১৬ বৰ্ষৰ বাবে বাৰ্ষিক পৰিকল্পনাৰ অনুসুচিত জনজাতি শিতানৰ অধীনত অনুমোদিত তথা নলবাৰী গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ( গ্ৰাম্য- পথ) এই পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব ঘগ্ৰাপাৰৰ জনৈক কলিতা উপাধিৰ এগৰাকী ঠিকাদাৰে লাভ কৰিছিল।উক্ত পথছোৱা ২০১৬ চনৰ ২০ জুনত স্থানীয় বিধায়ক অশোক শৰ্মাই আধাৰশিলা স্থাপন কৰি শীঘ্ৰে ৰাইজৰ বাবে মুকলি হ'ব বুলিও ৰাইজক আশ্বাস দিছিল যদিও আজি পৰ্যন্ত পথছোৱাৰ প্ৰায় ৪০০ মিটাৰ ৰহস্যজনক কাৰণত পকীকৰণ নহ'ল।যাক লৈ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিধায়কগৰাকীৰ ভূমিকাতো সন্দেহ প্ৰকাশ কৰিছে।উক্ত পথছোৱাৰ সোণকুঢ়িয়া চ'কত প্ৰায় ৫০ মিটাৰ আৰু শেষৰ ফালে প্ৰায় ৩৫০ মিটাৰ পথত শিল-বালি পাৰিয়ে দায়িত্ব সামৰাই নহয়,পথছোৱাত কোনো ধৰণৰ ছাইড বামো নিদিয়াৰ অভিযোগ উঠিছে।ইফালে পথছোৱাত কিমান টকা ধাৰ্য কৰিছিল ইয়াৰ কোনো ধৰণৰ তথ্য ফলক নাই।বিভাগীয় নিয়ম অনুসৰি পথ এটাৰ কাম আৰম্ভণি কৰাৰ লগে লগে তথ্য-ফলক আঁৰিব লাগে যদিও এইপথছোৱাত আজি পৰ্যন্ত বিয়াগোম গড়কাপ্তানি বিভাগে ৰহস্যজনকভাৱে নিদিলে।
ইফালে,যিখিনি কাম কৰিছে সেয়াও নিম্নমানৰ হোৱাত শিল পথৰ ওপৰলৈ উঠি আহিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে।পিছে এই কাৰ্য দেখি শুনিও নলবাৰী বিষাগোম গড়কাপ্তানি বিভাগ আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই চকুমুদা কুলিৰ ভাও ধৰিছে বুলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদে ক্ষোভ প্ৰকাশ কৰে।উল্লেখ্য যে এই পথছোৱাৰ পকীকৰণৰ নামত ৫৬ লাখ টকা ধার্য কৰা হৈছিল বুলি জানিব পৰা গৈছে।সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত বিধ্বস্ত ৰূপ ধাৰণ কৰা পথছোৱাৰ অসম্পূৰ্ণ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে।ইফালে,বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোত ইতিমধ্যে গড়কাপ্তানি বিভাগৰ কেইবাটাও পথৰ নিৰ্মাণ কাৰ্য,আধাৰশিলা হৈছে যদিও দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ অনিয়ম- হেমাহিত পথৰ নিৰ্মাণ-কাৰ্য লেহেমীয়া হোৱাত পথচাৰীৰ লগতে ছাত্র-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিছে।বিশেষকৈ বিলপাৰ -নাৰিকুছি চ'কৰ পৰা দেহাৰকুছি (পূৰ্ণকামদেৱ গড়কাপ্তানি পথ,আল্লিয়া চ'কৰ পৰা মিলন বজাৰ-তিনিপুখুৰী হৈ দ্বাৰকুছি সংযোগী গড়কাপ্তানি পথৰ আৰু নোনা নৈৰ ওপৰত থকা অসম্পূৰ্ণ দলঙে যাতায়তৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি কৰাৰ লগতে জাবজাবকুছি এটা গড়কাপ্তানি পথৰ বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ লগতে পথটোৰ ওপৰত ঘগ্ৰাজানৰ ওপৰত স্থাপন কৰা দলঙখনৰ লেহেমীয়া কামেও ৰাইজক যাতায়ত -যোগাযোগৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগাই আহিছে বুলি চৰ্চিত হৈছে।নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰত গড়কাপ্তানি বিভাগৰ কামৰ এয়া মাত্ৰ কেইটামান উদাহৰণহে।পিছে এইসকল দুৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে নলবাৰী বিধায়ক অশোক শৰ্মাই কিয় ব্যৱস্থা গ্ৰহণ নকৰে,সেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।
- Log in to post comments
- 29 views