হাজোৰ পৰা কমলাকান্ত দাস:
তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহৰ প্ৰাক্তন 'খাদিম' চৈয়দ নুৰবক্স আলী দেৱান আৰু নাই।শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত হঠাতে শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ সমস্যাত পৰি উশাহ সলাব নোৱাৰা হৈ পৰে আৰু তেনেকৈয়ে প্ৰাক্তন খাদিম দেৱানে অকাল মৃত্যুক সাৱটি লয়।তেওঁৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭০বছৰ।প্ৰয়াত খাদিম দেৱানে শনিয়াদি বি এ এছ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত কটন কলেজৰ পৰা বিএ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমএ পৰীক্ষাত উত্তীৰ্ণ হৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চাকৰিত সোমায় আৰু পৰৱৰ্তী সময়ত তেওঁ স্বেচ্ছাই অৱসৰ লয়।তেওঁ ২০১৩ চনত অনুষ্ঠিত হাজোৰ পোৱামক্কা দৰগাহ পৰিচালনা সমিতিৰ খাদিম পদৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ খাদিম নিৰ্বাচিত হয় আৰু ২০১৮ চনলৈ সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰে।সমাজৰ উত্তৰণৰ হকে কাম কৰি ভালপোৱা প্ৰয়াত দেৱান হাজোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ নিঃস্বাৰ্থ সেৱা আগবঢ়াইছিল।তেওঁ ঐতিহাসিক পোৱামক্কা দৰগাহৰ খাদিম পদ অলংকৃত কৰাৰ লগতে কলিতাকুছিস্থিত ঐতিহাসিক 'আদমগুৰু' মাঝাৰ পৰিচালনা সমিতি,পশ্চিম কামৰূপ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতি, কলিতাকুছি আৰ বি কে আঞ্চলিক এম ,ই আৰু হাইস্কুল,আৰ বি কে ইছলামীয়া মাদ্ৰাছা, পানীয়াপাৰা মাদ্ৰাছা,বুল্লুট মাদ্ৰাছাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত হৈ আছিল।তেওঁৰ মৃত্যুত প্ৰাক্তন সমবায় মন্ত্ৰী নুৰুল হুছেইন,প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মা,কংগ্ৰেছী নেতা নুৰ মহম্মদ,বি জে পি নেতা ৰাতুল শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক আতাউৰ ৰহমান,হাজো ৰাইজ গয়ৰহৰ সভাপতি গোলোক ওজা,সম্পাদক গৌতম শইকীয়া,হাজো "আছু",পশ্চিম বংশৰ 'আছু',হাজো সাংবাদিক সন্থা,পোৱামক্কা দৰগাহ পৰিচালনা সমিতিৰ খাদিম তৌফিকুৰ ৰহমান,পঞ্চতীৰ্থ দেৱালয় পৰিচালনা সমিতিৰ 'দলৈ' শিৱ প্ৰসাদ শৰ্মাকে ধৰি বিভিন্ন দল- সংগঠন-ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ-বোৱাৰী,চাৰিগৰাকী কন্যা-জোঁৱাইৰ লগতে অনেক গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।
- Log in to post comments
- 11 views