নৰেন শৰ্মা,বাহাৰঘাট:
কামৰূপ (গ্ৰাম্য) জিলাৰ কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়তৰ অধীনষ্ঠ পালেপাৰাৰ প্ৰভা কলিতা(৬৫)নামৰ এগৰাকী মহিলা যোৱা ২১ আগষ্টৰ পুুৱা ৯ মান বজাত ঔষধ কিনিবলৈ বুলি ঘৰৰ পৰা ওলাই আহি নিৰুদ্দেশ হৈ আছিল৷ঘৰৰ পৰা ওলাই অহাৰ পিছত মহিলাগৰাকী দুদিন ধৰি সন্ধানহীন হৈ থকাৰ পিচত দেওবাৰে পুৱা জিলাখনৰ গৰমচুঙত তেওঁৰ মৃতদেহ উপঙি উঠে৷এই সম্পৰ্কত পৰিয়ালে স্থানীয় কঞাঁ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ইয়াৰ মাজতে ২২ আগষ্টৰ পুৱাই নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰঘাটত বৰলীয়া নৈৰ পাৰত স্থানীয় ৰাইজে মহিলাৰ কিছু সাজ-পোছাক আৰু এজোৰ চেন্দেল প্ৰত্যক্ষ কৰি মহিলাগৰাকীৰ নৈত পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে৷উক্ত ঘটনা ৰাইজৰ মুখে- মুখে প্ৰচাৰ হোৱাত পৰিয়ালৰ লোকে মহিলাগৰাকী নৈত পৰি মৃত্যু হোৱাটো নিশ্চিত কৰে৷এই সম্পৰ্কত কঞাঁ আৰক্ষী থানাত পুনৰ যোগাযোগ কৰাত যিহেতু বাহাৰঘাট ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত,সেয়েহে ঘগ্ৰাপাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে৷কঞাঁ আৰক্ষীৰ পৰামৰ্শ মতে,পৰিয়ালে ঘগ্ৰাপাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত ঘগ্ৰাপাৰ আৰক্ষীৰ তৎপৰতাত শনিবাৰে আবেলি এছ ডি আৰ এফ এটি দলে প্ৰায় চাৰি ঘন্টা সময় নৈখনত অভিযান চলাই মৃতদেহৰ সম্ভেদ উলিৱাব নোৱাৰিলে৷দেওবাৰে পুৱাই বাহাৰঘাটৰ পৰা প্ৰায় ডেৰ কিঃমিঃ আতৰত কামৰূপ জিলাৰ গৰমচুঙত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷অৱশেষত কঞাঁ আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
- Log in to post comments
- 6 views