বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী সুধীৰ কুমাৰ দাসৰ মৃত্যুত হাজোত শোকৰ ছাঁ 

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো ভৰালীটোলা নিৱাসী বিশিষ্ট সমাজকৰ্মী,শিক্ষাবিদ,হাজো এছ বি এছ কে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ইংৰাজী বিষয়ৰ সহকাৰী শিক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হাজো খণ্ডৰ সংঘ চালক সুধীৰ কুমাৰ দাসে শনিবাৰে  দিনৰ প্রায় ডেৰ বজাত  জি এম চি এইচৰ  ক'ভিড হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।
হাজো ভৰালীটোলাৰ আঢ্যৱন্ত পৰিয়ালৰ প্ৰয়াত পতিৰাম দাসৰ দ্বিতীয় পুত্ৰ সুধীৰ কুমাৰ দাস বাল্যকালৰে পৰা মেধা আৰু প্ৰতিভাৰ পৰিচয় দি আহিছিল।তেওঁ মেট্ৰিক পাছ কৰাৰ পিছত কটন মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত শ্বিলঙত অধ্যয়ন কৰি সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ পোনপ্ৰথমে হাজো আদৰ্শ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ পাতনি মেলে যদিও পিছলৈ দাসে হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী শিক্ষক হিচাপে যোগদান কৰি সেইখন বিদ্যালয়ৰ পৰাই কৃতী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে । ইংৰাজী বিষয়ত বিশেষ দক্ষতা থকা প্ৰয়াত দাসে শিক্ষকতাৰ উপৰি হাজোৰ  বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানৰ সৈতে জড়িত হৈ হাজোৰ সমাজ জীৱনত মৃত্যু পৰ্যন্ত অনবদ্য অবদান আগবঢ়াই গৈছে। প্ৰয়াত দাসে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হাজো খণ্ডৰ সংঘ চালক,  পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতন হাজোৰ প্ৰতিষ্ঠাপক সদস্য তথা বৰ্তমান পৰিচালনা সমিতিৰ সভাপতি, হাজো সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহ:সম্পাদক, হাজো ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকৰ পদ অলংকৃত কৰি সামাজিক ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে।জানিব পৰা মতে,যোৱা ১৭ আগষ্টত জ্বৰ আৰু কাহত ভুগি থকাত পৰিয়ালৰ লোকে জি এম চি এইচত ভৰ্তি কৰে।তাত তেওঁৰ দেহত মহামাৰী ক'ৰ'না পজিটিভ ধৰা পৰে।বিগত ছয় দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে। ইফালে,তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে হাজোত শোকাকুল পৰিৱেশে বিৰাজ কৰে। তেওঁৰ মৃত্যুত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া,অসম পৰ্যটন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা,সদৌ অসম ছাত্ৰ-সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,হাজো পঞ্চতীৰ্থ শংকৰদেৱ বিদ্যা নিকেতন পৰিচালনা সমিতিৰ লগতে সমূহ আচাৰ্য-আচাৰ্যা,ছাত্ৰ-ছাত্ৰী,মণিকূট সাহিত্য সমাজৰ সভাপতি শ্ৰীপ্ৰকাশ দাস, যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক আটাউৰ ৰহমান,সদৌ অসম জাতীয়তাবাদী যুৱ মঞ্চৰ সভাপতি দিগন্ত বৰা,হাজো ৰাইজ গয়ৰহৰ সভাপতি গোলোক ওজা,সম্পাদক গৌতম শইকীয়া, বিজেপি নেতা ৰাতুল শৰ্মা, জীতেন্দ্ৰ পাটোৱাৰী,উত্তৰ হাজো মণ্ডল বিজেপিৰ সভাপতি তিলক শৰ্মা, হাজো মণ্ডলৰ সভাপতি ভূপেন কলিতা,বিজেপিৰ হাজো মণ্ডলৰ প্ৰাক্তন সভাপতি ৰমণী মালাকাৰ,
হাজো সাংবাদিক সন্থা,হাজো 'আছু',পশ্চিম বংশৰ 'আছু'ৰ লগতে বিভিন্ন দল-সংগঠন-ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ  লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিগৰাকী পুত্ৰ- বোৱাৰী,জী-জোঁৱাইসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।

Your Comments