বামুন্দীত মদ-জুৱাৰ ঘাটী উৎখাত কৰাৰ দাবীত আৰক্ষী থানাত স্মাৰকপত্ৰ প্ৰদান  'আছু'ৰ

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ  জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দী অঞ্চলত ব্যাপক হাৰত গঢ়ি উঠা মদ-জুৱাকে ধৰি বিভিন্ন অসামাজিক কাৰ্য ৰোধ কৰাৰ দাবীত শনিবাৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক পংকজ কলিতা আৰু পশ্চিম বংশৰ আছুৰ ভাৰপ্ৰাপ্ত সভাপতি অনুপ দাসে জনোৱা মতে বিগত কেইমাহমানৰ পৰা বামুন্দীকে ধৰি ইয়াৰ নিকটৱৰ্তী লাহ,কয়াটোল,হালোগাও,শিলগুৰি আদি ঠাইত একাংশ অসাধু ব্যৱসায়ীয়ে উক্ত অঞ্চলসমূহত মদ, জুৱা,ভাঙৰ প্ৰচলন ঘটাই তথা বিভিন্ন অসামাজিক কামত লিপ্ত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে।বিশেষকৈ বামুন্দী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বামুন্দী মহাবিদ্যালয়লৈ যোৱা পথৰ কাষতে একাংশ অসাধু মদ বেপাৰীয়ে চুলাই মদ বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰাৰ লগতে নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।এই ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাকো 'আছু'ৱে সমালোচনা কৰে।সেয়ে উক্ত অঞ্চলসমূহৰ পৰা অসাধু মদ,ভাং ব্যৱসায়ীক আটক কৰি অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়।অন্যথা ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুমকি দিয়ে।আছুৰ দলটোত ৰুবুল কলিতা,দেৱাশীস শৰ্মা,মৃদুল ঠাকুৰীয়া,পাপু শালৈ,পাৰ্থপ্ৰতীম ভূঞা উপস্থিত থাকে।

Your Comments