হাজোৰ কুলহাটীত উদয়ীমান যুৱক,বেংক বিষয়া সমুদ্ৰগুপ্ত দাসৰ স্মৃতিচাৰণ

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী নপাৰা নিৱাসী উদয়ীমান যুৱক তথা ভাৰতীয় ষ্টেট বেংকৰ বিষয়া সমুদ্ৰগুপ্ত দাসৰ স্মৃতিত শুকুৰবাৰে বিয়লি তেওঁৰ কুলহাটীস্থিত নিজ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে 'সমুদ্ৰ' নামেৰে এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।স্মৃতিচাৰণ সভাত কুলহাটী গাঁও উন্নয়ন সমিতিৰ সম্পাদক তপনজ্যোতি দাসে প্ৰয়াত সমুদ্ৰগুপ্ত দাসৰ স্মৃতিচাৰণ কৰি কয় যে অতি মেধাসম্পন্ন প্ৰয়াত দাসে ২০০২ চনত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।পৰৱৰ্তী সময়ত ২০১২ চনত টেট পৰীক্ষাত উত্তীৰ্ণ হৈ বকোৰ ছমৰীয়াত শিক্ষকতা কৰিবলৈ লয় যদিও সেই বৰ্ষতে সৰ্বভাৰতীয় বেংকিং পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় ষ্টেট বেংকত চাকৰি লাভ কৰে। গুৱাহাটী ইউনিভাৰচিটী  এছ বি আইত কৰ্মৰত প্ৰয়াত দাসৰ অকাল মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তোলে।সমাজকৰ্মী বাবুল দাসে আঁঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দমদমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেন দাস,শিক্ষক বিনন্দি দাস,বেংক বিষয়া নিহাৰ মাৰাককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত দাসৰ জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁৰ স্মৃতিচাৰণ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।ইফালে,প্ৰয়াত সমুদ্ৰগুপ্তৰ কৰ্মৰাজিক জীয়াই ৰখাৰ বাবে পৰিয়ালবৰ্গ আৰু ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী সন্থাৰ নৰ্থ ইষ্টাৰ্ণ চাৰ্কোলৰ উদ্যোগত প্ৰকাশ কৰা 'সমুদ্ৰ' নামৰ গ্ৰন্থখন উন্মোচন কৰে সন্থাৰ নৰ্থ ইষ্টাৰ্ণ চাৰ্কোলৰ সম্পাদক প্ৰদীপ বৈশ্যই।স্মৃতিগ্ৰন্থ উন্মোচন কৰি বৈশ্যই কয় যে এগৰাকী কৰ্মোৎসাহী,অমায়িক,সকলোৰে সৈতে মিলিব পৰা কেৱল বেংকৰ  কৰ্মচাৰীয়ে নহয় এগৰাকী ভাল বন্ধুক অকালতে হেৰুৱাব লগা হোৱাত মৰ্মাহত হৈ পৰিছো।তেওঁৰ কৰ্মৰাজিৰ বাবে আমাৰ মাজত সদায় অমৰ হৈ ৰ'ব বুলি তেওঁৰ স্মৃতিচাৰণ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে তেওঁৰ মাতৃয়ে।ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত সকলো গুণমুগ্ধই তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰে।উল্লেখ্য যে যোৱা ৯ আগষ্টত খাৱৈত গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱতি লৈছিল সমুুদ্ৰগুপ্ত দাসে।

Your Comments