২৪ বছৰে চৰকাৰীকৰণ হোৱা নাই ঘগ্ৰাপাৰৰ বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ‍্যালয়ৰ

Ghagrapar

*চৰকাৰে ঘোষণা কৰাক লৈ বাট চাই আছে অভাৱগ্ৰস্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

ৰাজ্য চৰকাৰে বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে বাট চাই আছে ঘোষণা কৰা তালিকাখনলৈ ।  দুখৰ বিখয় যে  প্ৰায় ২০/৩০ বছৰ পুৰ্বতে স্থাপিত বহু বিদ্যালয় আজিও চৰকাৰীকৰণ হোৱা নাই । তেনে এখন বিদ্যালয় নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত   দলুৱা গাঁওস্থিত ১৯৯৬ চনত স্থাপিত হোৱা  বিষ্ণুজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আজি পৰ্যন্ত চৰকাৰীকৰণ নহ'ল।ৰাইজৰ যথেষ্ট ত্যাগ আৰু কষ্টৰ বিনিময়ত স্থাপন হোৱা এই বিদ্যালয়খনৰ হাইস্কুল পৰ্যায়লৈ চৰকাৰীকৰণ হৈছে যদিও উচ্চতৰ মাধ্যমিক শ্ৰেণী দুটা আজি ২৪ বছৰে ভেন্সাৰ পৰ্যায়তে থাকিল।গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে  শিক্ষা লাভৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈ উঠা বিদ্যালয়খন  জন্মলগ্নৰে পৰাই এই  গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে।বিভিন্নজন ছাত্ৰ -ছাত্ৰীয়ে এই বিদ্যালয়ত শিক্ষা লাভ কৰি ডিচটিংচন, ষ্টাৰ বা প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া বিভিন্ন চৰকাৰী বিভাগত মকৰলৰ সুবিধা পাইছে যিটো অঞ্চলটোৰ বাবে গৌৰৱৰ কথা। কিয়নো এই বিদ্যালয়ত মেধাসম্পন্ন ছাত্ৰ -ছাত্ৰীয়ে নামভৰ্তি নকৰে।মধ্যমীয়া ছাত্ৰ-ছাত্ৰীসকলেহে ইয়াত নামভৰ্তি কৰা পৰিলক্ষিত হৈ আহিছে।এই ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট কষ্ট কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাদান কৰি এটা সন্মানজনক ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে চৰকাৰীভাৱে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে।শিক্ষাদানৰ ক্ষেত্রত চৰকাৰী বিদ্যালয়ৰ তুলনাত এই বিদ্যালয়ৰ শিক্ষা কোনো গুণেই কম নহয়। এই কথা প্ৰতিবছৰে পৰীক্ষাৰ ফলাফলে প্ৰমাণ কৰি গৈ আছে। ২০২০ চনতো এই বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ৯৯ শতাংশ। কিন্তু দুখ আৰু পৰিতাপৰ কথা এয়ে যে আজিলৈ বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক পৰ্যায়টি  (শ্ৰেণী দুটা)  চৰকাৰীকৰন হৈ উঠা নাই। বিগত  ২৪  বছৰ ধৰি এই বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীসকলে বিনা বেতনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিলাই আছে জ্ঞানৰ পোহৰ। ছাত্ৰ-ছাত্ৰী সকলক পোহৰ বিলাই শিক্ষক-শিক্ষ্য়িত্ৰীসকলে নিজেই মমৰ দৰে গলি গলি শেষ হৈ গৈছে। বিদ্যালয়খনৰ মোহতে হওক বা ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ কথা ভাবিয়ে হওক তেওঁঁলোকে অইন জীৱিকাৰ কামো  কৰিব নোৱাৰে। যাৰ ফলত  শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। নিজৰ পৰিয়ালৰ ভৰণ-পোষন, ল'ৰা-ছোৱালীৰ শিক্ষা-দীক্ষা,বৃদ্ধ মাক-দেউতাকৰ বেমাৰ আজাৰ ইত্যাদি এশ-এবুৰি সমস্যাৰে  তেওঁঁলোক  ভাৰাক্ৰান্ত । অনাহাৰে অনিদ্ৰাত দিন কটোৱা এই সকল শিক্ষাগুৰু সদায় এটি ভাল দিন অহাৰ অপেক্ষাত আশাবাদী। বছৰ-বছৰ ধৰি চৰকাৰী ঘৰত তাঁঁত-বাতি কাঢ়ি কাঢ়ি আজিলৈ সুফল পাবলৈ সক্ষম নোহোৱা এই বিদ্যালয়ৰ শিক্ষক -শিক্ষয়ত্ৰীসকল মাানসিক  দ্বন্দত  ভোগা পৰিলক্ষিত হৈছে । এতিয়াও তেওঁঁলোকে  বিদ্যালয়খনৰ চৰকাৰীকৰণৰ ক্ষেত্রত দিনে -নিশাই কষ্ট কৰি আছে। ছাত্ৰ-ছাত্ৰীৰ ঘৰে-ঘৰে গৈ বিদ্যালয়খনত নামভৰ্তি কৰাবৰ বাবে আহ্বান জনাই আহিছে। কেইজনমান শিক্ষকৰ অৱসৰ গ্ৰহণৰ সময়ো সমাগত । সেয়েহে স্থানীয় ৰাইজে  উৰ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাইছে  যাতে অতি সোনকালে বিদ্যালয়খনৰ চৰকাৰীকৰণ কৰি তেওঁঁলোকৰ মনৰ আশা পূৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ সুবিধা প্ৰদান কৰে । এই ক্ষেত্ৰত স্থানীয় বিধায়ক অশোক শৰ্মাই শিক্ষা মন্ত্ৰীৰ সৈতে যোগাযোগ কৰি বিদ্যালয়খনৰ চৰকাৰীকৰণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে । চৰকাৰে চৰকাৰীকৰণ কৰাৰ বাবে প্ৰস্তুত কৰা তালিকাখনত উক্ত বিদ্যালয়খনকো অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাইজে অনুৰোধ জনাইছে ।

Your Comments