মৰিগাঁৱৰ নেলীত আদৰ্শ কৃষক প্ৰভাকৰ ডেকাৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পামৰ শুভাৰম্ভ জিলা উপায়ুক্তৰ

Morigaon

মৰিগাঁৱৰ প্ৰতিবেদক:

মৰিগাঁও জিলাৰ উদীয়মান আদৰ্শ কৃষক প্ৰভাকৰ ডেকাৰ ড্ৰেগন ফ্ৰুইটৰ এখন কৃষি পাম বৃৃহস্পতিবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নেলীত শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু মৰিগাঁও জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । দমালৰ বেতনীত বিভিন্ন তৰহৰ কৃষিৰ উপৰিও ফল-মূল,ড্ৰেগন ফ্ৰুইট আদিৰ খেতিৰ জড়িয়তে নিজে স্বাবলম্বী হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় কৃষকৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ডেকাই পুনৰ নতুন উদ্যমেৰে ড্ৰেগন ফ্ৰুইটৰ খেতিত নামি পৰিছে।মৰিগাঁৱৰ কৃষি ক্ষেত্রত এটা নতুন কৃষি বিপ্লৱৰ সূচনা কৰি  মৰিগাঁও জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেলীৰ উৰণীয়া সেতুৰ কাষতে  ৩ বিঘাৰ মাটিৰে  আৰম্ভ কৰিছে ড্ৰেগন ফ্ৰুইটৰ কৃষি।জাগীৰোডৰ উদীয়মান কৃষক হিমাংশু আগৰৱালাৰ সহযোগত আৰম্ভ কৰা নেলীৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পামৰ শুভাৰম্ভ অনুষ্ঠানত সমাজসেৱিকা বৰ্ণালী গগৈ ডেকা,জিলা কৃষি বিভাগৰ ঔজাৰী কৃষি পামৰ পৰিচালক দিব্যজ্যোতি হাজৰিকা,ক্ষেত্র কৃষি পৰিদৰ্শক ইউছুফ আলী,জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ,জ্যেষ্ঠ সাংবাদিক ৰিতুমনি মহন্ত,মেডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা,কৃষক সংঘৰ সম্পাদক তুলসী ডেকা,প্ৰকৃতিপ্ৰেমী হিতেশ শৰ্মা,দেৱেন দাস,সাংবাদিক জিতুমনি দাসকে আদি কৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে।

Your Comments