নলবাৰীৰ পোৰাকুছিত কৃষি বিষয়াৰ খেতিপথাৰ পৰিদৰ্শন

নলবাৰী

*'আত্মনিৰ্ভৰ ভাৰত' গঢ়িবলৈ কৃষিখণ্ডত আত্মনিয়োগৰ আহ্বান*               

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰক্ষেপিত 'আত্মনিৰ্ভৰ ভাৰত'ৰ আশা বাস্তৱায়িত কৰিবলৈ কৃষিক্ষেত্ৰত বিশেষ মনযোগ পুঞ্জীভূত কৰিবলৈ আহ্বান জনাইছে নলবাৰীৰ কৃষি বিষয়াই।ক'ভিড-১৯ৰ বাবে প্ৰায় বিধ্বস্ত হোৱা দেশৰ অৰ্থনীতিৰ বুনিয়াদ কৃষিক্ষেত্ৰত কৰা মনোনিৱেশেৰে ইতিবাচক পৰিৱৰ্তন সম্ভৱ বুলি বৃহস্পতিবাৰে নলবাৰীৰ পোৰাকুছিৰ কৃষিভূমি পৰিদৰ্শন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নলবাৰীৰ কৃষি বিষয়াই।নলবাৰী জিলা কৃষি বিভাগৰ অন্তৰ্গত দীঘেলী কৃষি চক্ৰৰ সহকাৰী কৃষি পৰিদৰ্শক দীপক হুজুৰীয়ে পোৰাকুছি গাঁৱৰ আদৰ্শ আৰু উদ্যমী কৃষক ভূপেন বৰ্মনে সম্পূৰ্ণ বিজ্ঞানভিত্তিত কৰা ধানখেতি বৃহস্পতিবাৰে পৰিদৰ্শন কৰে। কৃষি বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা স্বৰ্ণচাপ-১ ধানৰ বীজ, জীৱাণু সাৰ, কীটনাশক ঔষধ, হেণ্ড স্প্ৰেয়াৰ আদি সঠিকভাৱে প্ৰয়োগ কৰি বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিত আত্মনিয়োগ কৰিবলৈ পোৰাকুছিৰ কৃষক ৰাইজক আহ্বান জনায়। তেওঁ উপযুক্ত পদ্ধতিৰে কৃষি-কাৰ্যত অগ্ৰসৰ হ'ব খোজা প্ৰতিজনকে কৃষি বিভাগৰ তৰফৰ পৰা সৰ্বপ্ৰকাৰৰ সহায়-সহযোগ কৰাৰ লগতে যাৱতীয় কৃষি-পৰামৰ্শ দিব বুলিও গাঁওবাসীক আশ্বাস দিয়ে।

Your Comments