বঙাইগাঁৱৰ প্ৰতিবেদক:
অসমত সংঘটিত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী ৰোধ কৰা আৰু কেলেংকাৰীৰ তদন্ত কৰি দোষীক কৰায়ত্ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবীত বৃহস্পতিবাৰে বঙাইগাঁৱত 'আমছু'ৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও জিলা আমছুৱে নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত এই পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভিন্ন শ্লোগানো দিয়ে ৷ ইফালে,এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বঙাইগাঁও জিলা আমছুৰ সভাপতি হজৰত আলীয়ে সংবাদ মাধ্যমৰ আগত কয়-'আমি আমছুৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তক বাৰম্বাৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত যি কেলেংকাৰী সংঘটিত হৈ আহিছে,সেই কেলংকাৰী বন্ধ কৰাৰ লগতে এই কেলেংকাৰীৰ সৈতে জড়িত দোষীক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ দাবী জনাই আহিছোঁঁ আৰু ইয়াৰ দাবীত আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছো।কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা এয়ে যে মুখ্যমন্ত্ৰী আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়ে আজিলৈকে এই দাবী আৰু আমাৰ আন্দোলনক কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ ঘোষণা নকৰিলে কোনো তদন্তও ৷ আনকি এই কেলেংকাৰী সন্দৰ্ভত কোনো মন্তব্যই প্ৰকাশ কৰা নাই ৷ যাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰ অসম চৰকাৰক দাবী জনাইছো যে অসমৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত যি কেলেংকাৰী সংঘটিত হৈ আহিছে ,সেই কেলেংকাৰী বন্ধ কৰিব লাগে ৷ লগতে,সমগ্ৰ বিষয়টোৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে আৰু দুখীয়া ছাত্ৰ- ছাত্ৰীসকলে ছাত্ৰ বৃত্তিৰ যি প্ৰাপ্য ধন পাবলগীয়া আছে সেই ধন ছাত্ৰ- ছাত্ৰীসকলক প্ৰদান কৰিব লাগে ৷ প্ৰতিবাদী কাৰ্যসূচীত জিলা আমছুৰ বিভিন্ন বিষয়ববীয়া আৰু কৰ্মীও উপস্থিত থাকে ৷
- Log in to post comments
- 8 views