হাজোৰ পৰা কমলাকান্ত দাস:
হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰকট উল্লাহৰ বৃৃহস্পতিবাৰে দুপৰীয়া দেহাৱসান ঘটে।উল্লাহৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে-লগে সমগ্র হাজো সমষ্টিজুৰি পৰিছে গভীৰ শোকৰ ছাঁঁ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ। হাজো- শনিয়াদীৰ প্ৰয়াত আলামছা শ্বেখৰ পুত্ৰ বৰকট উল্লাহে ১৯৬৩ চনত হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু বি এ পাছ কৰে। ইয়াৰ পিছতে গুৱাহাটী আইন মহাবিদ্যালয়ৰ পৰা এল এল বি অৰ্জন কৰে।১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা হাজোৰ বিধায়ক হিচাপে নিৰ্বাচিত বৰকত উল্লাহৰ শাৰিৰীক অসুস্থতাৰ বাবে তিনিদিন পূৰ্বে জিএমচিএইছত ভৰ্তি কৰোইছিল।চিকিৎসাধীন অৱস্থাতে দুপৰীয়া প্ৰায় ২:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে উল্লাহে।প্ৰয়াত উল্লাহ পশ্চিম কামৰূপ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি,বিএ এছ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি,২নং ৰামদিয়া সমবায সমিতিৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল।তেওঁৰ মৃত্যুত হাজো আঞ্চলিক ছাত্র সন্থা, হাজো সাংবাদিক সন্থা,পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি হাজোৰ বিভিন্ন দল-সংগঠন,ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।মৃত্যুৰ সময়ত উল্লাহে পুত্ৰ-বোৱাৰী,নাতিক ইহসংসাৰত এৰি থৈ যায়।
- Log in to post comments
- 24 views