বন্যাৰ্তলৈ সহায়ৰ হাত হাজোৰ স্বেচ্ছাসেৱী সংগঠন 'উৎসাহ গোষ্ঠী'ৰ

Hazo

হাজোৰ পৰা কমলাকান্ত দাস: 

ক্ৰমান্বয়ে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।কিন্তু  বৰ্তমানেও বানপানীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা নাই হাজো ৰাজহ চক্ৰৰ বুল্লুট খোপনিকুছিবাসীৰ।অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে  ৰ'দ-বৰষুণ একাকাৰ কৰি অস্বাস্থ্যকৰ পৰিৱেশত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে।কিন্তু তাৰ মাজতে  এইসকল গঞাক সকাহ দিয়াৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে বুল্লুট খোপনিকুছিত উপস্থিত হয় বেচৰকাৰী  স্বেচ্ছাসেৱী সংগঠন 'উৎসাহ গোষ্ঠী'।স্বেচ্ছাসেৱী সংগঠনটোৱে 
খোপনিকুছি আৰু বুল্লুটৰ ৪০ টাকৈ অতিকৈ দুখীয়া পৰিয়ালৰ লোকৰ মাজত  চাউল,চেনি,দাইল,মিঠাতেল,ব্লিচিং পাউদাৰ,মাক্স,চাবোন আদি বিতৰণ কৰে।এই অনুষ্ঠানত সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি তথা উৎসাহ গোষ্ঠীৰ সভাপতি কিশোৰ কলিতা আৰু সম্পাদক যোগেশ কলিতা,সমল কেন্দ্ৰৰ সমল শিক্ষক পৰশ জ্যোতি বৰ্মন,লুটফৰ ৰহমান,ৰাহুল আহমেদ,নীলিমজ্যোতি বৰ্মন,পাৰ্থপ্ৰতিম পাঠক,যুৱৰাজ ৰাভা,সৌৰভ,অজয় ,নাজিমুদ্দিন আহমেদ উপস্থিত থাকে।স্বেচ্ছাসেৱী সংগঠনটোৰ এই প্ৰশংসনীয় পদক্ষেপক বৃহত্তৰ  হাজোবাসী ৰাইজে আদৰণি জনাইছে।

Your Comments