ঘগ্ৰাপাৰৰ বালিতাৰা গাঁও পঞ্চায়তত বিধায়ক অশোক শৰ্মাৰ আধাৰশিলা স্থাপন

Bjp

*অগপ-কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধিয়ে যোগ দিলে বিজেপিত*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ খণ্ড উন্নয়নৰ অধীনষ্ঠ ১৮ নং বালিতাৰা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ২৬ লাখ অনুদানেৰে নিৰ্মাণ কৰিবলৈ লোৱা ছয়খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই । আধাৰশিলা স্থাপনৰ পিছত বালিতাৰাত অনুষ্ঠিত এখন দলীয় সভাত বিভিন্ন দলৰ পৰা প্ৰায় আশীগৰাকী লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে‌।

Bjp

সভাখনত নলবাৰী জিলা বিজেপিৰ উপ-সভাপতি জয়ন্ত বুজৰ বৰুৱা , সম্পাদক মৃণাল শৰ্মা , বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মন প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ডেকা, ১৮ নং বালিতাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী লতিকা ৰামচিয়াৰী , আঞ্চলিক পঞ্চায়ত সদস্য দিপু ৰামচিয়াৰীসহ ভালেসংখ্যক লোকৰ উপৰি দুই শতাধিক কৰ্মী উপস্থিত থাকে । উল্লেখ্য যে ১৮ নং বালিতাৰা গাঁও পঞ্চায়তৰ অগপ আৰু কংগ্ৰেছ দলৰ গাঁও সভাৰ সদস্য দুগৰাকীয়ে বিজেপিত যোগদান কৰাত পঞ্চায়তখনত বিৰোধী শূন্য হয় । পঞ্চায়তখনৰ সকলো প্ৰতিনিধি বিজেপি দলৰ হোৱাত ইয়াৰ গাঁওসমূহত যথেষ্ট উন্নয়নমূলক কাম-কাজ হ'ব বুলি বিধায়ক অশোক কুমাৰ শৰ্মাই মন্তব্য কৰে।বিধায়কগৰাকীয়ে বুধবাৰে বালিতাৰা ঔতল চ'কত শুক্লেশ্বৰ মেধি সোঁৱৰণী মঞ্চৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পঞ্চায়তখনৰ আন পাঁচটা স্থানত পথ নিৰ্মাণ আৰু বিদ্যালয় চৌহদৰ বেৰ নিৰ্মাণ-কাৰ্যৰ শুভাৰম্ভ কৰে ।

Your Comments