"মুখ্যমন্ত্ৰী হ'বলৈ চন্দ্ৰত জন্ম গ্ৰহণ কৰিব নালাগে,মোৰো মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে"-ডঃহিমন্ত বিশ্ব শৰ্মা

Dr.Himanta Biswa Sarma

*মৰিগাৱঁত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ*

মৰিগাঁঁৱৰ পৰা জিতুুমণি নাথ:

"মুখ্যমন্ত্ৰী হ'বলৈ চন্দ্ৰত জন্ম গ্ৰহণ কৰিব নালাগে।মোৰো মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে।"এই মন্তব্য অসমৰ বিত্ত,স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।মৰিগাৱঁত দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচী সম্পৰ্ণ কৰি সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ খলকনিৰ।উল্লেখ্য যে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ডঃ  শৰ্মাই স্বাধীনতা সংগ্ৰামৰ বীৰ-বীৰাংগনাসকলক স্মৰণ কৰি চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা আঁচনি আৰু দেশৰ প্ৰগতি সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিৰ এটা বিষদ ব্যাখ্যা আগবঢ়ায়।তদুপৰি,মৰিগাঁও আৰু দৰং জিলাক সংলগ্ন কৰি ব্ৰক্ষ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ লগতে মৰিগাঁও জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে।ইফালে,  জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ১২ জন আৰু ক'ৰ'না মহাব্যাধিৰ বিৰুদ্ধে সন্মুখত থাকি যুঁজ দিয়া ৩৩ জন বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসহ মুঠ ৪৫ জন ব্যক্তিক জিলা প্ৰশাসনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইয়াৰ মাজতে মৰিগাঁও শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ মুখ্য সম্পাদনাত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশৰ সহায়ক হোৱাকৈ প্ৰকাশ কৰা শিক্ষামূলক অনলাইন ই-আলোচনী "প্ৰজ্ঞালিপি" উন্মোচন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,আৰক্ষী অধীক্ষক নন্দসিং বৰকলা,তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা,মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীকে আদি কৰি জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকলৰ লগতে ভালেমান নাগৰিকে অংশগ্ৰহণ কৰে।

মৰিগাঁও

স্বাধীনতা দিৱসৰ কাৰ্যসূচী  সম্পন্ন কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰিত্বক লৈ চলি থকা বিভিন্ন চৰ্চাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি কয়-"ৰাজ্যখনত বৰ্তমান ৪২ লাখ বিজেপিৰ কাৰ্যকৰ্তা আছে।ইয়াৰ সকলোৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। প্ৰতিজন অসমীয়াৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে।মুখ্যমন্ত্ৰী হ'বৰ কাৰণে চন্দ্ৰ গ্ৰহত জন্ম গ্ৰহণ কৰিব নালাগে।মোৰো মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে।কিন্তু হ'ব কোনে পাৰে,সেইটো ভগৱানেহে ঠিক কৰি দিব।অসমৰ মানুহেহে ঠিক কৰিব।" মন্ত্ৰীজনৰ এই মন্তব্যক লৈ সমগ্ৰ ৰাজ্যৰ ৰাজনীতিতে তীব্ৰ খলকনিৰ সৃষ্টি হৈছে।মন্ত্ৰী শৰ্মাৰ মন্তব্যত আগন্তুক দিনত শাসকীয় বিজেপি দলৰ ভিতৰচ'ৰাত মুখ্যমন্ত্ৰীকেন্দ্ৰিক যুঁজেখনে অধিক শক্তিশালীভাৱে মূৰ দাঙি উঠাৰ সম্ভাৱনা আছে।ইফালে অতি কৌশলী ৰাজনীতিবিদ হিচাপে পৰিচিত মন্ত্ৰী শৰ্মাই 'আছু'ক সমালোচনা কৰাৰ লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে।কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল দুটাৰ মিত্ৰতাত কংগ্ৰেছত যি দুই-এটা খিলঞ্জীয়া মানুহ আছে,সেইকেইটাও নোহোৱা হ'ব।কেইদিনমানৰ পিছত ৰাজীৱ ভৱনৰ নামটো গুছি আজমল ভৱন হৈ পৰিব বুলি বুলিও তেওঁ কটাক্ষ কৰে।

 

Your Comments