বানপানী নহয়,শ্বাহৰুখ খানৰ দেশভক্তিক লৈ সৰৱ অৰ্ণৱ গোস্বামী,টুইটাৰত সমালোচনা

Arnab Goswami

যদিও অসমৰ বানপানীত ৭০ লাখ লোক প্ৰভাৱিত হৈছে,১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে কিন্তু 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক, অসম-সন্তান অৰ্ণৱ গোস্বামীৰ বাবে হয়তো অসমৰ বানপানী সমস্যা কোনো সমস্যাই নহয়।সকলো সমস্যাক বাদ দি অৰ্ণৱ গোস্বামীয়ে ৰিপাব্লিক টিভিৰ অনুষ্ঠানত অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পাছত শ্বাহৰুখ খানৰ দেশভক্তিক লৈ প্ৰশ্নৰ উত্থাপন কৰিছিল।অৰ্ণৱ গোস্বামীয়ে শ্বাহৰুখ খানক এজন তথাকথিত ISIৰ সমৰ্থক,ট’নি আশাইৰ সৈতে ব্যৱসায়িক সম্বন্ধ ৰখাৰ অভিযোগ উত্থাপন কৰিছিল।তাৰ পিছতেই অৰ্ণৱ গোস্বামীক শ্বাহৰুখ খানৰ অনুৰাগীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে।শুকুৰবাৰে টুইটাৰত ট্রেণ্ড কৰি কৰি থকা হেছটেগ আছিল #দেশদ্ৰোহী_দালাল_অৰ্ণৱ।

Pic
অৰ্ণৱ গোস্বামীয়ে নিজৰ টিভি শ্ব’ত শ্বাহৰুখ খানৰ বিৰুদ্ধে অভিযোগ আনি কৈছিল-“তেওঁ কয় তেওঁৰ নাম ট’নি আশাই কিন্তু তেওঁৰ নাম হৈছে আজিজ আশাই।এজন ISIৰ সমৰ্থক, জিহাদৰ সমৰ্থক,সন্ত্ৰাসবাদৰ সমৰ্থকৰ লগত শ্বাহৰুখ খানৰ আমেৰিকাত ব্যৱসায়িক সম্বন্ধ আছে।অৰ্ণৱ গোস্বামীয়ে কয় যে যদি কোনো ব্যৱসায়িক সম্বন্ধ নাই,তেতিয়াহ’লে শ্বাহৰুখ খানে ষ্টেটমেণ্ট জাৰি কৰিব লাগে।”এই শ্ব’ৰ পিছতেই ট’নি আশাইয়ে টুইট কৰি কয় যে মই জীৱনত পাকিস্তান আৰ্মী আৰু ISIক লগ পোৱা নাই।অৰ্ণৱ গোস্বামীয়ে শ্বাহৰুখ খানৰ দেশভক্তিক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতেই অভিনেতাজনৰ অনুৰাগীয়ে #দেশদ্ৰোহী_দালাল_অৰ্ণৱ হেছ টেগ্ আৰম্ভ কৰি সমালোচনাৰ লক্ষ্য কৰি লৈছে।

Your Comments