মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ক'ৰ'না আক্ৰান্ত

S S Chauhan

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ক'ৰ'না পজিটিভ।মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই জনালে এই কথা।চৌহানে কয় যে তেওঁৰ শৰীৰত ক'ৰ'না সংক্ৰমণৰ লক্ষণ প্ৰকট হৈছিল।ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ ক'ভিড-১৯ পৰীক্ষা কৰে আৰু ফলাফলত ক'ৰ'না আক্ৰান্ত হোৱাতো নিশ্চিত হয়।চৌহানে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ৰ'না পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।মুখ্যমন্ত্ৰীজন এতিয়া চিকিৎসকৰ পৰামৰ্শ অনুযায়ী কোৱাৰেন্টাইনত থাকিব।যথাসম্ভৱ ভিডিঅ' কনফাৰেনছিঙৰ জড়িয়তে  ৰাজ্যখনৰ ক'ৰ'না পৰিস্থিতি সন্দৰ্ভত তেওঁ আলোচনা কৰিব বুলি উল্লেখ কৰে।

Your Comments