নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

শুকুৰবাৰে 'বিশ্ব পৰিৱেশ দিৱস' উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়েও বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃক্ষৰোপণ কৰে।বৰকুৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বকুল,কৃষ্ণচূড়া,সোণাৰু আদি গছৰ পাঁচ শতাধিক পুলি ৰোপণ কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,জিলা উন্নয়ন আয়ুক্ত কৃষ্ণা বৰুৱা,নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,সমাজকৰ্মী ডা: মৃগাংক তালুকদাৰ,অতিৰিক্ত উপায়ুক্তসকল,সহকাৰী আয়ুক্ত,সামাজিক বনানীকৰন বিভাগৰ সংমণ্ডল বিষয়া,জিলা পৰিবহণ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আদিৰ উপস্থিতিত বিধায়ক অশোক শৰ্মাই বৃক্ষৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জ্যেষ্ঠ নাগৰিকসকল,শিক্ষকসকল,বিষয়া-কৰ্মচাৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক অন্তত: একোজোপাকৈ হ’লেও বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনাইছে যাতে প্ৰাকৃতিক পৰিৱেশ সেউজীয়া হৈ থাকে,প্ৰকৃতিৰ ভাৰসাম্য অটুত থাকে আৰু পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকে।এইবেলি ক’ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ঘৰতে একোটাকৈ গছপুলি ৰুবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰধান শিক্ষকসকলক নিজৰ বিদ্যালয় চৌহদত একোজোপাকৈ গছপুলি ৰোপণ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিল।মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই নলবাৰীতো শিক্ষকসকলে নিজৰ স্কুলত আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰত গছপুলি ৰোপণ কৰিছে আৰু গছপুলিবিলাক সামাজিক বনানীকৰন বিভাগৰ নাৰ্চাৰীৰ পৰা যোগান ধৰা হৈছে বুলি জানিব পৰা গৈছে।জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ,তথ্য আৰু জনসংযোগ বিভাগ,গড়কাপ্তানি(গৃহ) বিভাগ আদিৰ বিভাগীয় মুৰব্বী বিষয়াসকলেও নিজৰ কাৰ্যালয় চৌহদত বৃক্ষৰোপণ কৰে।ক'ভিড-১৯ৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি,মাস্ক পিন্ধি এই বছৰৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

Your Comments